+

‘Awesome Assam’ conduct a competition for Assam Tourism Day

২০ আগষ্ট, গুৱাহাটী :  বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষে অসম পৰ্যটন বিভাগৰ নতুন সংযোজন। অহা মাহৰ ২৭ ছেপ্তেম্বৰত হ’বলগীয় পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ১ৰপৰা ৩ মিনিটৰ ভিতৰত ছুটি ছবি নিৰ্মাণ কৰি, ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আগষ্টৰ ২০ তাৰিখৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগিতাত। 

যোৱা ১৬ আগষ্ট তাৰিখে পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেলত এই কথা ঘোষণা কৰিছিল। অসমৰ পৰ্যটন কেন্দ্ৰসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আৰু ৰাজ্যৰ যুৱক - যুৱতীসকলৰ প্ৰতিভা বিকাশৰ বাবে এই পদক্ষেপ লৈ ৰাজ্য চৰকাৰে। 

প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা ছুটি ছবি, ফটোগ্ৰাফী আৰু ৰচনাসমূহক এক নিৰ্দিষ্ট ধনৰাশিৰে পুৰস্কৃত কৰাৰ কথাও প্ৰকাশ কৰে অধ্যক্ষজনে। ছুটি ছবিৰ প্ৰতিযোগতিতাত প্ৰথম পুৰস্কাৰ হিচাপে ১ লাখ টকা, ২য় পুৰস্কাৰ ৭৫ হেজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ৫০ হেজাৰ টকা প্ৰদান কৰা হ’ব। লগতে যিসমূহ ছুটি ছবি পৰ্যটন বিভাগে ব্যৱহাৰ কৰিব পাৰিব সেইসমূহক ১০ হেজাৰ টকাকৈ প্ৰদান কৰা হ’ব। 

{{4CSF_UaoTFkjY5BY3FzZ}}

ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে ২৫ হেজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ২০ হেজাৰ টকা, আৰু তৃতীয় পুৰস্কাৰ হিচাপে ১৫ হেজাৰ টকাকৈ প্ৰদান কৰা হ’ব। আৰু যি সমূহ ফটো  পৰ্যটন বিভাগে ব্যৱহাৰ কৰিব পাৰিব সেইসমূহ ফটোক লেণ্ডস্কেপ আৰু ৱাইল্ডলাইফ ফটোক ২০০০ টকাকৈ আৰু ‘কালচাৰেল হেৰিটেজ’ৰ ফটো হ’লে ১০০০ টকাকৈ প্ৰদান কৰা হ’ব। 

ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০ হেজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ৭,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫ টকাকৈ প্ৰদান কৰিব। লগতে নিৰ্বাচিত প্ৰতিটো লিখনিৰ কাৰণে ১০০০ টকাকৈ প্ৰদান কৰিব। পৰ্যটন বিভাগৰ ৱেবছাইট বা যিকোনো মিডিয়াতেই ব্যৱহাৰ কৰা যিকোনো ধৰণৰ লিখনি, ছবি বা ফটোতেই গৰাকীজনৰ নাম প্ৰকাশ কৰিব বুলিও ঘোষণা কৰে । 

অসম পৰ্যটন বিভাগৰ ভেঁটি টনকিয়াল কৰিবৰ বাবে আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা লুপ্তপ্ৰায় পৰ্যটনস্থলীসমূহ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ‘Awesome Assam’ অভযানে নতুন সংযোজন কৰিছে। 

facebook twitter