Assam mid day meal workers protest

12:36 PM Oct 31, 2019 | G Plus Digital Desk

৩১ অক্টোবৰ, গুৱাহাটী : সংকটত ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰি।কালিৰ পৰা অসম চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহত কালিৰ পৰা মধ্যাহ্ন ভোজন ৰন্ধা নহয়।   

অহা ১ নৱেম্বৰৰ পৰা অসম চৰকাৰ নিৰ্দেশমতে বৈজ্ঞানিক পদ্ধতি আৰু পৰিস্কাৰ পৰিছন্নতাৰে মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা হ’ব । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ব্যৱস্থাৰ কাম কাৰ্যকৰী কৰা হৈছে।মধ্যাহ্ন ভোজনৰ খাদ্যসমূহ এতিয়াৰেপৰা  বিদ্যালয়সমূহত যোগান ধৰা হ’ব। 

গোলাঘাটৰ প্ৰায় ৭০০খন বিদ্যালয়ৰ প্ৰায় ২৫ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্রীয়ভাৱে নিৰ্মাণ কৰা পাকঘৰটোতে প্ৰস্তুত কৰা হ’ব মধ্যাহ্ন ভোজনৰ খাদ্যসমূহ। Dayawati Educational And Charitable Society(NGO) নামৰ এটা বেচৰকাৰী সংস্থাৰ অধীনত চলা এই কেন্দ্রীয় পাকঘৰটোত প্ৰায় ৫০ জন কৰ্মচাৰী নিয়োগ কৰা হৈছে । দৈনিক এই খাদ্য-সামগ্ৰীসমূহ গাড়ীৰে বিদ্যালয়সমূহলৈ লৈ যোৱা হ’ব।

আনহাতে চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণৰ পিছতে মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতে হাতে বাচন-বৰ্তন লৈ কেইবাশতাধিক ৰন্ধন কৰ্মী ৰাজপথলৈ ওলাই আহে।