Assam Assembly gave assurance to education department of Assam  

08:59 AM Dec 02, 2019 | G Plus News

২ ডিচেম্বৰ, গুৱাহাটী : ৰাজ্যৰ ভেন্সাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰদেশিকীকৰণৰ আশ্বাস অসম বিধান সভাৰ।অসম বিধানসভাই ‘মঞ্জুৰী নং ৭১ শিক্ষা’ৰ  জৰিয়তে শিক্ষা বিভাগক ৩৭,০৫০.২৩ লাখ টকাৰ মঞ্জুৰী দিয়ে।  যোৱা ৩০ নৱেম্বৰত ৰাজ্যৰ   ৫,২৯৫  খন ভেন্সাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ পথ প্ৰশস্ত কৰে অসম বিধান সভাই। লগতে ভেন্সাৰ প্ৰথমিক বিদ্যালয়সমূহত খালী হৈ থকা হাজাৰ হাজাৰ শিক্ষকৰ পদ নিয়মীয়াকৰণ  কৰাটো গুৰুত্ব প্ৰদান কৰে। 

যোৱা ৩০ তাৰিখে সদনৰ মজিয়াত শিক্ষা বিভাগত কৰ্তনৰ প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়- “শিক্ষা বিভাগৰ অতিৰিক্ত ব্যয় মঞ্জুৰীৰ ধন  বিধান সভাই অনুমোদন জনালেই ৰাজ্যৰ ৫,২৯৫  খন ভেন্সাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশীকীকৰণৰ পথ মুকলি হ’ব। ২০১৬ চনৰ পাছত ৰাজ্য চৰকাৰে ১৩,০২৩ জন স্থায়ী  শিক্ষক আৰু প্ৰায় ১৯ হাজাৰতকৈ অধিক ঠিকাভিত্তিক শিক্ষকক ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হৈছে। ইফালে মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদত৪৬২ জনক আৰু প্ৰধান শিক্ষকৰ পদত ৫৫৪ জনক ৰাজ্য চৰকাৰে নিযুক্তি দিছে।  বিধানসভাৰ অধিৱেশনৰ পাছতে ৩২৪ জন  প্ৰধান শিক্ষকক নিযুক্তি দিয়া হ’ব।”

আনহাতে মন্ত্ৰী গৰাকীয়ে কয় যে হাইস্কুলত ১,০৫০ জন সহকাৰী শিক্ষকৰ লগতে ৪৬৪ গৰাকী বিষয় শিক্ষককো নিয়ুক্তি দিয়া হৈছে। চৰকাৰে শহতীয়াকৈ ১,৮৮৫ খন  প্ৰাথমিক বিদ্যালয়ক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ সিদ্ধান্তও গ্ৰহণ কৰিছে বুলি  মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অচিৰেই ৰাজ্য চৰকাৰে মাদ্ৰাছাসমূহতো শিক্ষক নিযুক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।