Assam : 6650 Contractual Teachers protests Salary issues over

07:00 AM Aug 02, 2019 | G Plus Digital Desk

২ আগষ্ট, গুৱাহাটী : আজিৰে পৰা ৰাজ্যৰ ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকে ৰূপায়ন কৰিবলৈ লৈছে চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী। চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকসকলে। উল্লেখ্য যে বিগত ৫ মাহ ধৰি দৰমহা লাভ কৰা নাই এই ঠিকাভিত্তিক শিক্ষকসকলে।

বাৰম্বাৰ চৰকাৰক দাবী জনাই অহা সত্ত্বেও এতিয়ালৈ কোনো কাণসাৰ দিয়া নাই চৰকাৰে। ৭ আগষ্টত শিক্ষকসকলে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ কথাও অৱগত কৰে।