+

Ashmita Chaliha won All India Sr Ranking Badminton, 2018

গুৱাহাটী - বেডমিণ্টনেৰে ইটোৰ পিছত সিটো সাফল্য আজুৰিবলৈ আৰম্ভ কৰিছে অসমৰ এইগৰাকী প্ৰতিভাৱানে। ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় প্ৰ্তিটো পৰ্যায়তেই নিজৰ লগতে দেশলৈও সুনাম কঢ়িয়াইছে এই ১৯ বছৰীয়া প্রতিভাৱান বেডমিণ্টন খেলুৱৈগৰাকীয়ে। অস্মিতা চলিহা। ইতিমধ্যেই এছিয়ান গেমছকে ধৰি ভালেমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অহা অস্মিতাই পুনৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

বিগত ১০-১৫ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হোৱা য়োনেক্স ছানৰাইজ সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ অস্মিতাই ছিংগলছ শাখাত চেম্পিয়ন হৈছে। অস্মিতাই ফাইনেলত এয়াৰ ইণ্ডিয়াৰ আক্ৰুশি কাশ্যপক ২১-১৪, ২১-১০ ছেটত সহজে পৰাস্ত কৰে।

উল্লেখ্য যে চলিত বছৰত অস্মিতাৰ এয়া একেৰাহে তৃতীয়টো খিতাপ। ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে মুম্বাইত অনুষ্ঠিত হোৱা টাটা অ’পেন আন্তৰ্জাতিক চেলেঞ্জত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে আন এক আন্তঃৰাষ্ট্ৰীয় খিতাপো দখল কৰিবলৈ সক্ষম হৈছিল।

facebook twitter