+

Article 370 Scrapped - SC refuses urgent hearing on plea challenging article 370 decision

০৮ আগষ্ট, গুৱাহাটী - কাশ্মীৰত ৩৭০ ধাৰা প্রত্যাহাৰৰ বিৰুদ্ধে কৰা আবেদনৰ তাৎক্ষণিক শুনানিৰ আর্জি খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে এম এল শর্মা নামৰ এগৰাকী অধিবক্তাই জম্মু আৰু কাশ্মীৰত ভাৰত চৰকাৰৰ ৩৭০ ধাৰা বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। তেওঁৰ দাবী আছিল, উচ্চতম আদালতে কেন্দ্ৰৰ এই সিদ্ধান্তক বেআইনী বুলি ঘোষণা কৰিব লাগে। পিছে আদালতৰ নির্দেশত দ্রুত শুনানিৰ আর্জি খাৰিজ হোৱাত আপাততঃ খালী হাতেই উভতিবলগীয়া হ’ল। ন্যায়াধীশ এন ভি ৰমনৰ কালি জনাই দিলে যে ৩৭০ ধাৰা প্রত্যাহাৰৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে দ্রুত শুনানিৰ আর্জি মঞ্জুৰ কৰা সম্ভৱ নহয়।

ইফালে এম এল শর্মাই দাবী কৰিছে যে আগন্তুক ১২-১৩ আগষ্টৰ ভিতৰত জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ খাৰিজ কৰাৰ বিৰুদ্ধে তেওঁৰ আবেদনৰ ভিত্তিত শুনানি হওঁক। তেওঁৰ আবেদনত উল্লেখ আছিল, কাশ্মীৰত নেতাসকলক বলপূর্বক গৃহবন্দী কৰি এই বিধেয়ক গৃহীত কৰা হৈছে। তেওঁ লগতে কয় যে বহু কাশ্মীৰীয়ে এই বিধেয়কৰ বিৰোধিতা কৰি ৰাষ্ট্রসংঘলৈও যাবলৈ বিচাৰিছে। আনফালে তেওঁৰ আবেদন খাৰিজ কৰি এন ভি ৰমনৰ বিচাৰপীঠে কয় যে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ যদিহে যাবলৈ বিচাৰিছে তেন্তে যাব পাৰে, কিন্তু কোনো সাংবিধানিক ধাৰাৰ ওপৰত ৰাষ্ট্ৰসংঘই স্থগিতাদেশ দিব পাৰে জানো?

এই আইনজীৱীগৰাকীয়ে নিজৰ আবেদনত লিখিছে, কাশ্মীৰ বিধানসভাত ৩৭০ ধাৰা প্রত্যাহাৰৰ বিষয়টো আলোচনা কৰা হোৱা নাই। চৰকাৰে অৱশ্যে নিজৰ পক্ষে এই যুক্তি পূৰ্বেই উত্থাপন কৰি ৰাখিছিল। কেন্দ্ৰৰ যুক্তি অনুযায়ী, জম্মু কাশ্মীৰত বিধানসভাৰ অস্তিত্বই নাই, তাত কেৱল ৰাষ্ট্রপতিৰ শাসন চলে। সেয়ে ৰাষ্ট্রপতিৰ ক্ষমতা অনুসৰিয়েই এই নির্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে ৩৭০ ধাৰা প্রত্যাহাৰ কৰি কাশ্মীৰক কেন্দ্রশাসিত অঞ্চল ঘোষণা কৰাক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা কৈছিল জম্মু কাশ্মীৰ পিপলছ মুভমেন্টৰ নেত্ৰী শেহলা ৰছিদেও।

facebook twitter