+

An employee sexually abuse a doctor in GMCH

২০ আগষ্ট, গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এগৰাকী চিকিৎসকৰ শ্লীলতা হানি কৰাৰ চেষ্টা কৰে আব্দুল মালেক নামৰ এজন কৰ্মচাৰীয়ে। সোমবাৰে বিয়লি হাস্পতালত কৰ্মৰত অৱস্থাত এগৰাকীৰ মহিলা চিকিৎসকক কৰ্মচাৰীয়টোৱে পাছফালৰ পৰা সাৱটি ধৰি শ্লীলতা হানিৰ চেষ্টা চলায়। লগে লগে চিকিৎসকগৰাকীয়ে চিঞৰ-বাখৰ কৰাত অন্য কৰ্মচাৰীসকলে ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসকগৰাকীক উদ্ধাৰ কৰে।   

কৰ্মচাৰীসকলে আব্দুলক কৰায়ত্ত কৰি ভঙাগড় আৰক্ষী থানাত খবৰ দিয়ে। ভঙাগড় আৰক্ষীয়ে হাস্পতালখনত উপস্থিত হৈ অভিযুক্ত আব্দুলক গ্ৰেপ্তাৰ কৰে। 

{{4CSF_UaoTFkjY5BY3FzZ}}

চিকিৎসক গৰাকীয়ে ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২০/১৯u/s৩৫৩/৩৫৪ ধাৰাত এক গোচৰ ৰুজু কৰে। আৰক্ষীয়ে  অপৰাধী জনক জেৰা অব্যাহত ৰাখিছে। আজি আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত আব্দুল মালেকক।

facebook twitter