+

'Allahu' Akbar tree leaves in Assam

২৯ নৱেম্বৰ, গুৱাহাটী : ৰাজ্যত অলৌকিক ঘটনা। বিজ্ঞান- প্ৰযুক্তিৰ যুগতো অলৌকিকতাৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। গছৰ পাতে পাতে ‘আল্লাহু’ লিখাৰ ছবিয়ে ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে।

ৰাজ্যৰ হাজো, খাৰুপেটীয়া, ছিপাঝাৰ , গেলেকী, লাহৰিঘাট, নাজিৰা সহ বিভিন্ন অঞ্চলত গছৰ পাতে পাতে আল্লাহু লিখা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ছৱি সমূহক একাংশ লোকে অলৌকিক ঘটনাৰ ৰূপ দি অপপ্ৰাচাৰ চলোৱাও দেখা গৈছে। 

ঘটনাৰ বিৱৰণী মতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বহু লোকৰ ঘৰত থকা কলগছ, অমিতা গছ, নাৰিকল গছ তথা নেমু গছকে ধৰি বিভিন্ন গছৰ পাতত ‘আল্লাহু’ লিখা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। এই খবৰ বিয়পি পৰাত গছৰ পাতসমূহ চাবলৈ এই অলৌকিক দৃশ্য চাবলৈ লোকৰ সোঁত বয়। 

আনহাতে দৰাচলতে এবিধ পোকে বাঁহ বান্ধিবলৈ লোৱা লেলাউতিৰ পৰা এনেধৰণৰ ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ আৰবী শব্দ ‘আল্লাহু’ৰ দৰে ৰূপ লয়। একাংশ লোকে এই খবৰ পোৱাৰ লগে লগেই টৰ্চলাইট লৈ লৈ আল্লাহু লিখা থকা  গছ পাত বিচাৰি ফুৰে। 

কিছু সংখ্যক লোকে পোক-পৰুৱাৰ দ্বাৰা এই কাৰ্য ওপৰৱালাই কৰাইছে বুলিও মন্তব্য প্ৰকাশ কৰে। ইফালে কিছুসংখ্যক সচেতন লোকে ৰাজ্যৰ শেহতীয়া ঘটনাপ্ৰবাহক লৈ এচাম দুষ্টচক্ৰই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ এই কাৰ্য সংঘটিত কৰিছে বুলিও মত প্ৰকাশ কৰে। সম্প্ৰতি ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এই ছৱিসমূহে। 

facebook twitter