+

Ali Aye Ligang celebrated in Assam 

১৯ ফেব্ৰুৱাৰী, গুৱাহাটী : “ফাগুনত আহিবা লৃগাং চাবলৈ 
                                             ৰঙালী ৰিবি গাছেং গাতে ল’বলৈ।”

ফাগুনৰ প্ৰথমজাক বৰষুণ, উদং পথাৰখনত সোণগুটি ৰুব ৰোৱনীহঁতে । গুমাৰাগৰ তালে তালে কঁকাল ভাঙিছে জাক জাক কনেঙে, সোৱণশিৰিৰ পাৰত মৰমৰ ‘মিবু গালুক’ যাচিছে মিগাঙৰ ডিঙিত। আপঙৰ ৰাগীত ককা -আইতাৰ গা সাতখন আঠখন।  

আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। প্ৰতিবছৰে ফাগুনৰ প্ৰথমটো বুধবাৰে ৰাজ্যজুৰি মিৰি বা মিচিং জনগোষ্ঠীয় লোকসকলে উলহে মালহে আলি আয়ে লৃগাং উদযাপন কৰে। 

মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আয়ে মানে ফল, লৃগাং মানে সিঁচা বুজায়। এই উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিনীহঁতে আপং, ছাই মদ, বগা মদ, তৰাপাতৰ টোপোলা ভাত প্ৰস্তুত কৰে। লৃগাঙৰ দিনা শুকান মাছ (ঙচান) খোৱাটো মিচিং সকলৰ পৰম্পৰাগত ৰীতি। 

প্ৰবাদ অনুসৰি পথাৰত সোণগুটি সিঁচাৰ পূৰ্বে মিচিং লোকসকলে দেৱতাক সন্তুষ্ট কৰিবলৈ নৃত্য-গীত তথা আনন্দ উল্লাসেৰে উদাপন কৰে। আলি-আয়ে-লৃগাঙৰ দিনা প্ৰথমে পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে।ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে লৃগাং বিহু  পাঁচ দিনৰ পৰা সাঁত দিনলৈও উদযাপন কৰে।

ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিতমৰ বিশেষ প্ৰাধান্য আছে। ঐনিতমৰ জৰিয়তে ইজনে সিজনক মনৰ কথা প্ৰকাশ কৰে।

লৃগাং উৎসৱে মিচিংলোকসকলৰ জনজীৱনত যথেষ্ট পৰিমানে প্ৰভাৱ পেলায়।মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি ইষ্ট দেৱতা দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়। 

facebook twitter