Akhil Gogoi mother requested govt to bail his son

07:31 AM Mar 03, 2020 | Kareng Engtipee Phukan

৩ মাৰ্চ, গুৱাহাটী : “মোৰ তাক বহুত চাবলৈ মন গৈছে। কিহৰ কাৰণে তাক ইমান দিন ৰাখি থৈছে। মোৰো দেহাৰ ঠিক নাই। অখিলৰ গা ভাল নাই তথাপিও তাক ভালকৈ চিকিৎসা কৰা নাই।” পুত্ৰক মুক্তিৰ দাবীত এগৰাকী মাতৃৰ হিয়াভগা বিননি । শোৱাপাটীৰ পৰা পুত্ৰ তথা কৃষক নেতা অখিল গগৈৰ চিকিৎসাৰ কাৰণে কাতৰ অনুৰোধ মাতৃ প্ৰিয়দা গগৈৰ।  

কেন্দ্ৰীয় কাৰাগাৰত ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে মাওবাদীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ। যোৱা ১২ ডিচেম্বৰত কা বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে মাত মতাৰ অপৰাধত চৰকাৰৰ ৰোষত পৰিছিল নেতাগৰাকী। যোৰহাট আৰক্ষীয়ে আন্দোলনস্থলীৰ পৰাই আটক কৰিছিল অখিল গগৈক।    

যোৱা দুটা মাহ ধৰি কাৰাগাৰত বন্দী হৈ থকাৰ পৰাই অসুস্থ হৈ আছিল নেতাগৰাকী। এমাহতেই তিনিবাৰকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল নেতাগৰাকীক। এতিয়া পৰ্যাপ্ত চিকিৎসাৰ অভাৱত কাৰাগাৰত বিচনাৰ পৰা উঠিব  নোৱোৰা হৈছে কৃষক নেতাগৰাকী।    

প্ৰথমে চকু হাড় আৰু প্ৰচণ্ড মূৰৰ বিষত ভুগিছিল নেতাগৰাকী। তাৰ পাছতেই ২৮ ফেব্ৰুাৰীত চিকিৎসাৰ বাবে হুইল ছেয়াৰত হাস্পতাললৈ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গগৈক। কিনতু সাধাৰণ পৰীক্ষাসমূহ কৰিয়েই পুনৰ কাৰাগৰালৈ প্ৰেৰণ কৰিছিল।

নিজ স্বাস্থ্যৰ সম্পৰ্কত কৃষক নেতাগৰাকীয়ে সংবাদমাধ্যমৰ আগত জনাইছিল- “মোৰো বোধেৰে মই আজি হাস্পতালত ভৰ্তি হ’ব লাগিছিল। মোৰ স্বাস্থ্য ভাল নহয়। মোৰ চকুৰ অসুবিধা হোৱাৰ বাবে চিকিৎসকে চশমা দিছে। শ্লীপ ডিস্ক থকাৰ বাবে কঁকালৰ বিষত বিচনাৰ পৰা উঠিব পৰা নাই। চৰকাৰৰ হেচাঁৰ ফলত মোক পৰ্যাপ্ত চিকিৎসা কৰিব পৰা নাই।” 

কৃষক নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে দলীয় কৰ্মীবৃন্দৰ লগতে একাংশ শুভাকাংশী। নেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক ঘটনাক তীব্ৰভাৱে গৰিহনা দিয়। দলীয় কৰ্মীসকলে এতিয়াও একো পন্থা হাতত নোলোৱাৰ অভিযোগো উত্থাপন কৰে একাশ লোকে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে জিপ্লাছক জনায় যে -“আমি চেষ্টাৰ অলপো ক্ৰুটি ৰখা নাই। ন্যায়ালয়ত যিমান পাৰি সিমান সোনকালে উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। কিন্তু তেওঁৰ বিৰুদ্ধে UAPA বুলি এখন আইনৰ অধীনত গোচৰ ৰুজু কৰি NIA তদন্ত কৰিছে। এই আইন অনুসৰি তিনিমাহ লৈকে জামিন আবেদন কৰিব নোৱাৰি। তিনিমাহ হোৱাৰ পিছত জামিন আবেদন কৰিলে ছয়মাহৰ ভিতৰত উলিয়াই আনিব পাৰি। কেৱল সেয়াই নহয় তাৰ উপৰি অখিল গগৈৰ বিৰুদ্ধে আৰু ৮ টা গোচৰ চৰকাৰে ৰুজু কৰিছে। আমাৰ ১৩ জন অধিবক্তা লাগি আছে। 

আজি আমাৰ অৱস্থা এনেকুৱা যে আমাৰ সংগঠনৰ ওপৰত ৪৭ টা গোচৰ ৰুজু হৈছে, ২৩ জন জেইল গৈছে। বহুতে জামিন লগলগীয়া হৈছে।

অখিল গগৈৰ বিৰুদ্ধে NIA, অপৰাধ শাখাই গোচৰ  ৰুজু কৰাৰ উপৰিও যোৰহাট থানা, টীয়ক থানা, শিৱসাগৰ সদৰ থানা, গৌৰীসাগৰ থানা, চাবুৱা থানা, ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু হৈ আছে।

ইফালে গোটেই সংগঠনতোৰ বিভিন্ন নেতা কৰ্মীৰ ওপৰত এতিয়ালৈকে সৰ্বমুঠ ৪৭ টা গোচৰ ৰুজু হৈছে। তিনিচুকীয়া - ২ টা 
ডিব্ৰুগড় - ১২ টা
ধেমাজি - ৭ টা
লখিমপুৰ - ১ টা
শোণিতপুৰ - ১ টা
দৰং - ১ টা 
ধুবুৰী - ১ টা
গোৱালপাৰা - ১ টা
বঙাইগাঁও - ২ টা 
ওদালগুৰি - ১ টা
চৰাইদেউ - ২ টা
শিৱসাগৰ - ২ টা
যোৰহাট - ৫ টা
গোলাঘাট - ২ টা
মৰিগাঁও - ২ টা 
কামৰূপ (M) - ৩ টা
কামৰূপ (R) - ১ টা
কৰিমগঞ্জ - ১ টা
নিয়া - ১ টা
অপৰাধ অনুসন্ধান শাখা - ১ টা

NIA য়ে এজনৰ পিছত আনজন নেতাক জেৰা চলাবলৈ মাতি আছে। ক’তো আন্দোলন কৰিবলৈ অনুমতি নিদিয়ে। অনুমতি দিলেও মাত্ৰ ১০০ জন মানুহ আহিব দিয়ে। যিকেইজন আহে তেওঁলোকৰ নাম ঠিকনা লিখি ৰাখে অৰক্ষীয়ে।”   

লগতে ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে  সংবাদ মাধ্যমে আৰু অসমৰ ৰাইজে যিদৰে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিছিল সেই দৰে মতা নাই বুলি ক্ষোভ প্ৰকাশ কৰে।

সোমবাৰে কাৰাগৰত নেতাগৰাকীক তেওঁৰ ভাতৃ তথা অসমপ্ৰেমী যুৱ সমাজৰ নেতা মনোজ গগৈয়ে সাক্ষাৎ কৰিবলৈ আহি শোকত ভাগি পৰে। তেওঁ সংবাদমাধ্যমক জনায় যে -“মই যিজন মানুহক লগ কৰিবলৈ আহিছিলো, সেই মানুহজন গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাবে বিচনাৰ পৰা উঠি আহিব নোৱাৰিলে। মই কাৰাগাৰৰ পৰা  চকুলো টুকি আহিব লগা হৈছে। মই বিতু সোণোৱাল, মানস কোঁৱৰ, ধৈৰ্য্য কোঁৱৰক লগ কৰিছিলো তেওঁলোকে মোক জনায় যে যোৱা ২৯ তাৰিখে হাস্পতালৰ পৰা অনাৰ পৰা তেওঁ বিচনাৰ পৰা উঠিব পৰা নাই। তীব্ৰ জ্বৰ, পেটৰ বিষ, ককাঁলৰ বিষত জোৰোলা হৈ পৰিছে তেওঁ। মোৰ বাবে এইটো জীৱনৰ অতি দুৰ্ভাগ্যজনক মুহুৰ্ত ।”

লগতে অসমৰ এক সংগ্ৰামী কণ্ঠক ৰূদ্ধ কৰাৰ বিজেপিৰ এই যি ষড়যন্ত্ৰ চলিছে ইয়াক তীব্ৰভাৱে গৰিহনা দিছে মনোজ গগৈয়ে। আনকি অখিল গগৈক কাৰাগৰাত মৃত্যু মুখলৈ ঠেলি দিয়াৰ প্ৰচেষ্টা চলিছে বুলিও অভিযোগ উত্থাপন কৰে ভাতৃ তথা নেতাগৰাকীয়ে। 

আনহাতে প্ৰাপ্ত খবৰ অনুসৰি কাৰাগাৰৰ ভিতৰত বহুত ন্যূনতম খাদ্য প্ৰদান কৰা হয়। সেই খাদ্য স্বাস্থ্যৰ বাবে একেবাৰে উপকাৰী নহয়। 

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সতীৰ্থ তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে চৰকাৰক কটাক্ষ কৰি কয় -“অখিল গগৈ সাংঘাটিকভাৱে অসুস্থ। তেওঁৰ সৰ্বশৰীৰত কেবাটাও অসুখ ,  প্ৰচণ্ড বিষত তেওঁ মুখেৰে মাত মাতিবও পৰা নাই। মই গুৱাহাটী  হাস্পতাল কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ কৰিছিলো তেওঁ ভালেখিনি অসুস্থা,তেওঁৰ চিকিৎসা ভালদৰে কৰক। কিন্তু তাৰ পাছতো তেওঁক সাধাৰণ পৰীক্ষা নিৰীক্ষা কৰি পঠিয়াই দিলে।মানস, বিতুহঁতে কন্দা কটা কৰি তেওঁৰ চিকিৎসাৰ ব্যাৱস্থা কৰিবলৈ আহ্বান জনাইছে। যিকেইজন মন্ত্ৰীয়ে এটা সময়ত কৃষক মুক্তিৰ আন্দোলনত অখিল গগৈ চিকিৎসাধীন হওঁতে উবুৰি খাই পৰিছিল। এতিয়া সেইকেইজন নেতাই তেওঁক এনেকৈ মৃত্যুৰ মুখলৈ টিল টিলকৈ এৰি দিব পাৰেনে? অখিল গগৈৰ জাতীয় জীৱনৰ সংগ্ৰামত অতিকৈ গুৰুত্ব আছে। তেখেতঁক আমি মৰিবলৈ এৰি দিব নোৱাৰো। অখিল গগৈৰ অসুস্থাতাক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে।”

বিভিন্ন সময়ত অসমৰ প্ৰতিটো সমস্যাত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ বাবে মাত মাতি অহা নেতাগৰাকীৰ এই দুৰৱস্থাই সতীৰ্থসকতলৰ লগতে ৰাজ্যবাসীকো  চিন্তিত কৰি তুলিছে। নেতাগৰাকীৰ স্বাস্থ্য তথা চিকিৎসাক লৈ উদ্বিগ্ন হৈছে তেওঁৰ পত্নী আৰু পুত্ৰ। বিগত তিনিমাহ ধৰি বিদ্যালয়লৈ যোৱা নাই তেওঁৰ পুত্ৰ। নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতিত মানসিকভাৱে  ভাগি পৰিছে নেতাগৰাকীৰ পৰিয়াল। 

গুৰুত্বৰ ভাৱে অসুস্থ স্বামী কৃষক নেতা অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ আহে পত্নী গিতাশ্ৰী তামুলীয়ে। দিনৰ প্ৰায় ২ বজাত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰিছিল। কিন্তু ৪৫ মিনিট স্বামীৰ বাবে অপেক্ষা কৰাৰ পিছতো ৰুগীয়া স্বামীক লগ কৰিব নোৱাৰিলে পত্নীয়ে ৷


কাৰাগাৰৰ বাহিৰলৈ ওলাই আহি পত্নীয়ে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ কয়- "মই কি কম লগ ধৰিব আহিছিলোঁ হে,ওলাই আহিবই নোৱাৰিলে তেওঁ।  গা বেয়া বুলি কৈছে। শনিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেখা কৰিছিলোঁ তাৰ পিছৰ পৰাটো তেওঁক মই দেখাই নাই। আইনৰ মতে যি হয় তাকে হব মই একো নকওঁ।”


সংগ্ৰামী নেতাগৰাকীৰ উন্নত চিকিৎসা গ্ৰহণৰ বাবে তীব্ৰভাৱে দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাজ্যখনৰ ৰাজনৈতিক পটভূমিত বিশেষভাৱে গুৰুত্ব বহন কৰে নেতাগৰাকীয়ে। শাসকীয় চৰকাৰে কূটনীতি কৰি  এইদৰে নেতাগৰাকীক হত্যা কৰিবলৈ চেষ্টা কৰাৰ  আশংকা কৰিছে শুভাকাংশীসকলে। এনেদৰে হ’লে কাৰাগাৰত কিমান সুৰক্ষিত কৃষক নেতাগৰাকী?