+

AHSEC Syllabus will change in 2021  

২৫ ফেব্ৰুৱাৰী, গুৱাহাটী : উচ্চতৰ মাধ্যমিকৰ  পাঠ্যক্ৰমত সাল -সলনি। সুদীৰ্ঘ ১০ বছৰ তথা ২০১০ চনৰ পাছত ২০২১ চনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত সাল সলনি ঘটোৱাৰ কথা ঘোষণা কৰে শিক্ষা সংসদে। 

এই বছৰ নহলেও অহা বছৰ পাঠ্যক্ৰমত সলনি কৰাটো নিশ্চিত বুলি সচিব মনোৰঞ্জন কাকতিয়ে মন্তব্য প্ৰকাশ কৰে। ইতিমধ্যে এই সন্দৰ্ভত যো-জা আৰম্ভ কৰিছে শিক্ষা সংসদে।

অহা মাৰ্চ মাহত এই সন্দৰ্ভত এক পাঁচজনীয়া কমিটীও গঠন কৰা হ’ব বুলি সচিবগৰাকীয়ে জানিবলৈ দিয়ে। এই নতুন পাঠ্যক্ৰমত ১৫ টাৰ সলনি ২৫ টালৈ পাঠ্যক্ৰমৰ বিষয় বৃদ্ধি কৰা হ’ব।  

facebook twitter