+

After Urjit, now Surjit resigns - Economist Surjit Bhalla Resigns from PM’s Economic Advisory Council

ডিজিটেল ডেস্ক - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিৎ পেটেলৰ পদত্যাগৰ এটা দিন পাৰ নৌহওতেই এইবাৰ পদত্যাগ কৰিলে দেশৰ বিশিষ্ট অৰ্থনীতিবিদ সুৰজিৎ ভাল্লাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক পৰামৰ্শদান পৰিষদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলে সুৰজিৎ ভাল্লাই। কোন এই ভাল্লা? সুৰজিৎ ভাল্লাৰ প্ৰথম পৰিচয় এগৰাকী অৰ্থনীতিবিদ। কেৱল সেয়াই নহয় বাতৰি কাকতৰ স্তম্ভ লেখক হিচাপেও ভাল্লাৰ আছে বিশেষ প্ৰতিষ্ঠা। 

মঙলবাৰে পুৱাই টুইটাৰযোগে ভাল্লাই কয়, “প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদান পৰিষদৰ অংশকালীন সদস্য পদৰ পৰা মই পদত্যাগ কৰিলো”
টুইটাৰযোগে ভাল্লাই এতিয়া তেওঁৰ গ্ৰন্থ Citizen Raj: Indian Elections 1952-2019 ৰ সৈতে ব্যস্ত হ’ব বুলিও জনায়।

ইফালে চৰকাৰী সূত্ৰত প্ৰকাশ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাল্লাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। জানিব পৰামতে এতিয়াৰে পৰা ভাল্লাই পুনৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সম্পাদক হিচাপে দেশৰ প্ৰতি সেৱা আগবঢ়াই নিব।

 

উল্লেখযোগ্য যে বিগত এটা বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অৰ্থনৈতিক নীতিৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পদত্যাগ কৰিছে একাধিক অৰ্থনীতিবিদে। ইয়াৰ ভিতৰত সুৰজিৎ ভাল্লাৰ উপৰিও নীতি আয়োগৰ পূৰ্বৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়া, প্ৰাক্তন মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা অৰবিন্দ সুব্ৰমণিয়ম, আৰু শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিৎ পেটেল অন্যতম।

{{bjhAbJRfbTy1zyy7Fafm}}

স্মৰ্তব্য যে পাচজনীয়া সদস্যৰে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদান পৰিষদ বিগত ২০১৭ চনত স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সম্প্ৰতি এই পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে নীতি আয়োগৰ সদস্য বিবেক দেৱৰয়। সদস্য হিচাপে আছে ৰথীন ৰয়, অসীমা গোৱেল, শ্বামিকা ৰবি আৰু ৰতন ৱাটাল।

এই পৰিষদে দেশৰ বিকাশ আৰু নিয়োগ ব্যৱস্থাক উত্তৰণ প্ৰদান কৰিবৰ বাবে বিভিন্ন এলেকা যেনে নিয়োগ, মূদ্ৰা নীতি, ৰাজহুৱা ব্যয় আৰু কৃষি দপ্তৰৰ ওপৰত পৰ্যবেক্ষণ ৰাখে।

facebook twitter