+

Adil Hussain joins Star Trek: Discovery cast

৯ ছেপ্তেম্বৰ, গুৱাহাটী : আগন্তুক বৰ্ষৰ আমেৰিকাৰ ষ্টাৰ ট্ৰেক : ডিছক’ভাৰী’ৰ তৃতীয় সংস্কৰণত জনপ্ৰিয় অভিনেতা আদিল হুছেইন। হিন্দী বোলছবি, একাধিক ভাৰতীয় আঞ্চলিক ভাষাৰ ছবিৰ লগতে বিদেশী ভাষাৰ ছবিতো বলিষ্ঠ অভিনয়েৰে সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকী। 

বিজ্ঞানভিত্তিক কল্প কাহিনীৰ ছিৰিজৰ ষ্টাৰ ট্ৰেক : ডিছক’ভাৰীৰ প্ৰথম দুটা সংস্কৰণে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। যোৱা ৫ অক্টোবৰত নিউয়ৰ্কত তৃতীয়টো সংস্কৰণৰ প্ৰথমটো ট্ৰেইলাৰ মুকলি কৰি আগন্তুক ২০২০ চনত সংস্কৰণটো মুক্তি লাভ কৰিব বুলি সংবাদমাধ্যমক জনায়। 

উল্লেখযোগ্য যে ষ্টাৰ ট্ৰেক : ডিছক’ভাৰীত অভিনয় কৰা অসম সন্তান আদিল হুছেইন দ্বিতীয়জন ভাৰতীয়। ইয়াৰ পূৰ্বে উক্ত ছিৰিজটোত পাৰছিছ খায়বাট্টা নামৰ ভাৰতীয় এজনে অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল।

৫৬ বছৰীয়া অভিনেতাজনে বিজ্ঞানভিত্তিক কল্প কাহিনীৰ চৰিত্ৰ প্ৰথমাবাৰৰ বাবে ৰূপায়ণ কৰিছে।

facebook twitter