+

Accolades to Assam Tea Estate in World Tea & Coffee Convention

গুৱাহাটী - অসমৰ চাহ উদ্যোগলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে শোণিতপুৰৰ নাহৰবাৰী টী-ইষ্টেটে। বিগত ২৯ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ মুম্বাইত অনুষ্ঠিত হোৱা ৬ষ্ঠ বিশ্ব চাহ আৰু কফি এক্সপ’ত অসমৰ চাহ উদ্যোগে আকৌ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

মুম্বাইৰ নেহৰু চেন্টাৰত অনুষ্ঠিত এই বিশেষ এক্সপ’ত শোণিতপুৰৰ টুপীয়াস্থিত তথা তেজপুৰ ছচিয়েল চাৰ্ভিছ ছ’চাইটিৰ দ্বাৰা পৰিচালিত নাহৰবাৰী টি ইষ্টেটলৈ আগবঢ়োৱা হয় ‘ইণ্ডাষ্ট্ৰি লীডাৰ’ সন্মান।

উল্লেখ্য যে আমেৰিকা, দক্ষিণ আফ্ৰিকা, জাপান, চীন, থাইলেণ্ড, শ্ৰীলংকাকে ধৰি বিশ্বৰ ভালেমান দেশে ভাগ লোৱা এই প্ৰদৰ্শনীত প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক ছেবাষ্টিয়ান কে ভি আৰু পৰিচালক প্ৰশান্ত কুমাৰ নাথে এই বঁটা গ্ৰহণ কৰে।

{{PRx6ntEp8c4ucb9q4yvj}}

স্মৰ্তব্য যে নাহৰবাৰী টি ইষ্টেটৰ চাহপাতে ২০১৮ চনৰে আগষ্ট মাহত হংকঙত অনুষ্ঠিত আন এক সন্মিলনত ‘ৱৰ্ল্ড বেষ্ট টি’ৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল। (এনইনাওৰ সৌজন্যত)

facebook twitter