99 case registered, 122 people arrested  

10:03 AM Dec 21, 2019 | G Plus News

২১ ডিচেম্বৰ, গুৱাহাটী : ছচিয়েল মিডিয়াত কা বিৰোধী আন্দোলনৰ ব্যাপক প্ৰতিক্ৰিয়া। ছচিয়েল মিডিয়াযোগে ৰুজু কৰা ৯৯ গোচৰত ১১২ জনক আটক। 

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদে ভয়াবহ ৰূপ লোৱাৰ পাছত বিগত ১১ ডিচেম্বৰ পৰা ২০ ডিচেম্বৰলৈ মাবাইল ইণ্টাৰনেট সেৱা বাতিল কৰিছিল। ৯ দিনৰ বিৰতিৰ পাছত কালি ৰাতিপুৱা ৯ বজাৰ পৰা ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা সক্ৰিয় হৈ পৰে।

ছচিয়াল মিডিয়াৰ যোগে অপপ্ৰচাৰ তথা প্ৰৰোচনমূলক মন্তব্য , ফটো আৰু ভিডিঅ’ আপলোড কৰাৰ অভিযোগত গুৱাহাটী আয়ুক্তালয়ে কালি ৯৯ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১২২ জন লোকক আটক কৰে। লগতে অসম আৰক্ষীয়ে কালি এক টুইটাৰ প’ষ্টযোগে কয় যে ছচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য , ফটো আৰু ভিডিঅ’ তথা পষ্ট কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। 

দেৱৰাজ উপাধ্যায়ে লগতে সদৰি কৰে যে অতি শীঘ্ৰেই আৰক্ষীয়ে ৰাইজৰ অভিযোগ আৰু তথ্য যোগান ধৰিব পৰাকৈ  এটা হোৱাটছ এপ্প নম্বৰো মুকলি কৰিব।