+

500 ABVP workers quit ABVP

৯ ডিচেম্বৰ, গুৱাহাটী : বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিত গৰাখহনীয়া। কেবৰ বিৰোধিতাৰে ৫০০ জন সদস্যৰ পদত্যাগ। কেবৰ প্ৰতি সমৰ্থন জনোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে একাংশ কাৰ্যকতাই।

আজি গহপুৰ মহকুমা সমষ্টিৰ ৫০০ জনকৈ সদস্যই সমূহীয়া পদত্যাগ কৰি  কয় - “দেশতকৈ মোমাই ডাঙৰ হ’ব নোৱাৰে। এইখন অসমীয়া দেশ, এইখন স্বাভিমানৰ দেশ, এইখন স্বজাতিৰ দেশ। ইয়াত বসবাস কৰা খিলঞ্জীয়ৰূপে এবিভিপিৰ এই কাৰ্যক আমি গৰিহনা দিছো। এবিভিপিৰ এই কেব সমৰ্থনত আমি লজ্জিত, অখিল ভাৰতীয় বিদ্যা পৰিষদৰ সমূহ সদস্য হৈ অসমবাসীক মই ক্ষমা খুজিছোঁ।”

লগতে কেব সমৰ্থনকাৰীসকলক অসমৰ ছাত্ৰসমাজৰ লগত থাকিবলৈ আহ্বান জনায় এবিভিপিৰ কাৰ্যকৰ্তাসকলে। শেহতীয়াকৈ গুৱাহাটীৰ মাজ মজিয়াত কেব সমৰ্থন কৰি জনসমদল উলিয়াইছিল এবিভিপিয়ে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল সমদলকাৰীৰ বিস্ফোৰক মন্তব্যসমূহ।  

facebook twitter