+

4 animals died for eating chemicals in Lakhimpur

২৪ ছেপ্তেম্বৰ, গুৱাহাটী : লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ সীমান্তৰ ঘুণাসূঁতি পঞ্চায়তত খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যৰ সেৱনৰ ফলত ৪ টাকৈ পশুধনৰ মৃত্যু। প্ৰাপ্ত খবৰ মতে তাৰানাথ টাইদ নামৰ খেতিয়কজনে  কেইদিনমানৰ আগতে নিজা মাহ খেতিত ৰাসায়নিক দ্ৰব্য সহ কিছুমান টোপোলা পথাৰত থৈ দিছিল। যোৱা ১৮ চেপ্তেম্বৰ তাৰিখে  উক্ত ৰাসায়নিক দ্ৰব্য যুক্ত টোপোলা সেৱন কৰা ফলতেই ৪ টাকৈ পশুধনৰ কৰুণ মৃত্যু হয়। 
     

মৃত গৰু কেইটা কোনো লোকে গোপনে জ্বলাই দিয়া কাৰণে ঠাইখিনিত পৰি থকা মৃতদেহৰ হাড় মঙহৰ বিজানু, ভাইৰাছৰ ফলত অপৰিষ্কাৰ, আৰু বেমাৰ বিয়পি গাঁৱত অন্যান্য গাহৰি, কুকুৰ পশুধন কিম্বা মানুহৰ বেমাৰ বৃদ্ধি হব বুলি আশংকাত ভুগিছে স্থানীয় ৰাইজে। খেতি  কৰি জীৱন নিৰ্বাহ কৰা লক্ষ্মীনাথ টাইদৰ দুটা মতা গৰু আৰু দুজনী গাই গৰু এনেদৰে মৃত্যু ঘটা কাৰণে হতাশাত ভাগি পৰিছে ।
  

{{uhEPCQjDXUc8dZVvJBuY}} 

এনেদৰে উন্মুক্ত অৱস্থাত মাহ খেতিৰ তলিত ৰাসায়নিক দ্ৰব্য থোৱা কাৰণে মিচিং দলীয় সংগঠনৰ টি এম পি কে, এম এম কে, টি এম এম কেৰ বিষয় ববীয়াসহ কপাক চাপৰিৰ উন্নয়ন সমিতিয়ে তাৰানাথ টাইদক ক্ষতিপূৰণ দি সকাহ দিবলৈ দাবী কৰিছে। 
সংগঠন কেইটাই এনেদৰে  মুকলিকৈ থোৱা ঔষধ যাতে কোনো বিক্ৰেতাই বিক্ৰী নকৰে প্ৰশাসনক অনুৰোধ জনায়।

facebook twitter