+

11 officers transfered in protests 

২০ ডিচেম্বৰ, গুৱাহাটী : সংশোধিত নাগৰিকত্ব আইনৰ বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ৰাজ্য প্ৰশাসনত কেবাগৰাকী বিষয়াক অদল বদল কৰাৰ কথা পেহৰলৈ আহিছে। কৰ্মচাৰী বিভাগে প্ৰকাশ কৰা অধিসূচনা অনুসৰি উদ্যোগ, ইষ্ট এক্ট পলিচী আৰু শক্তি বিভাগৰ অতিৰিক্ত সচিব উৎপলা শইকীয়াক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব আৰু অসম ৰাজ্যিক গ্ৰামীন জীৱিকা মিছনৰ পৰিচালনা সঞ্চালক হিচাপে , পৰ্যটন বিভাগৰ  অতিৰিক্ত সচিব আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালনা সঞ্চালক ভাস্কৰ ফুকনক গোলাঘাট জিলাৰ জিলা উন্নয়ন আয়ুক্ত হিচাপে , কৰ্মচাৰী বিভাগৰ যুটীয়া সচিব ইক্ৰামুল হুছেইনক ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালক হিচাপে বদলি কৰা হয়।

সেইদৰে ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সচিব, ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালক গুৰদ্বীপ সিং পানেচাৰক ভূতত্ব আৰু খনি বিভাগৰ  সঞ্চালক পদৰ পৰা অব্যাহতি দি বৰ্তমানৰ দৰে আভ্যন্তৰীন জল বৰিবহন ব্যৱস্থাপনা আঁচনি মুখ্য কাৰ্যবাহী বিষয়া  হিচাপে নিযুক্তি দিয়ে। পৰ্যটন বিভাগৰ দেৱকুমাৰ মিশ্ৰক  অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন হিচাপে দায়িত্ব অৰ্পন  কৰে। সমাজ কল্যান বিভাগৰ যুটীয়া সচিব দেৱজিত খনিকৰক যোৰহাটৰ জিলা উন্নয়ন আয়ুক্ত হিচাপে পাৰ্বত্য এলেকা বিভাগৰ যুটীয়া সচিব  বিপুল কুমাৰ শইকীয়াক খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ যুটীয়া সচিব  হিচাপে দায়িত্ব প্ৰদান কৰে। 

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসক মৰিগাৱঁৰ অতিৰিক্ত উপায়ুক্ত হিচাপে , ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত অংকুৰ ভৰালীক ধুবুৰীৰ  অতিৰিক্ত উপায়ুক্ত হিচাপে , ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপ সচিব অনুজা ভূঞাকধেমাজিৰ অতিৰিক্ত উপায়ুক্ত হিচাপে দায়িত্ব প্ৰদান কৰে। উল্লেখ্য যে জাতিধ্বংসী আইনৰ বিৰোধিতা কৰি ছচিয়েল মিডিয়াত মন্তব্য দিয়া বাবেও ৰাজ্য চৰকাৰে একাংশ বিষয়াক বদলি কৰিছে বুলি জানিব পৰা গৈছে।        

facebook twitter