10 Bangladesh publication to participate in 32nd Guwahati Book Fair

11:18 AM Dec 07, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - গুৱাহাটীত শীত মানেই গ্ৰন্থৰ বতৰ। অলপতে উত্তৰ-পূৱ গ্ৰন্থমেলা সামৰণি পৰাৰ পিছত গুৱাহাটীবাসী এইবাৰ সাজু হৈছে গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰি উমাল কৰাৰ বাবে। অহা ২৫ ডিচেম্বৰ অৰ্থাৎ বৰদিনৰ দিনাৰ পৰাই আৰম্ভ হ’ব এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলা। প্ৰতিবছৰৰ দৰেকৈ এইবাৰো একাধিক বিদেশী প্ৰকাশনে অংশগ্ৰহণ কৰিব গুৱাহাটী গ্ৰন্থমেলাত। 

উল্লেখ্য যে এইবাৰ গুৱাহাটী গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব ১০ টাকৈ বাংলাদেশী প্ৰকাশন গোষ্ঠীয়ে। এই কথা প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। অলপতে গুৱাহাটীত প্ৰকাশন পৰিষদৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বাংলাদেশৰ উপউচ্চায়ুক্ত ড. শ্বাহমহম্মদ তনবীৰ মনছুৰৰ বৈঠকৰ পিছতে এই ঘোষণা কৰিছে উদ্যোক্তা প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, বাংলাদেশৰ প্ৰায় ১০টা প্ৰকাশন গোষ্ঠীয়ে এইবাৰৰ ৩২ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব।

ইয়াৰ বাবে গুৱাহাটী গ্ৰন্থমেলাস্থলীত বাংলাদেশৰ প্ৰকাশন গোষ্ঠীসমূহৰ বাবে আছুতীয়া পেভিলিয়নৰ ব্যৱস্থা কৰা হ’ব। গ্ৰন্থমেলাতে ভাৰত-বাংলাদেশ মিত্ৰতাৰ বিষয়ক এক আলোচনাচক্ৰৰো আয়োজন কৰা হ’ব।

{{bjhAbJRfbTy1zyy7Fafm}}

উল্লেখ্য যে বাংলাদেশৰ উপ উচ্চায়ুক্তগৰাকীয়ে গুৱাহাটী গ্ৰন্থমেলাত বাংলাদেশৰ প্ৰকাশন গোষ্ঠীসমূহৰ অংশগ্ৰহণ আৰু আলোচনাচক্ৰত অংশগ্ৰহণ নিশ্চিত বুলি প্ৰকাশন পৰিষদক আশ্বাস প্ৰদান কৰিছে।


 এইপৰ্যন্ত অংশগ্ৰহণ নিশ্চিত কৰা বাংলাদেশৰ প্ৰকাশন গোষ্ঠীসমূহ ক্ৰমে বাংলা প্ৰকাশ, সন্দেশ, ভাষাচিত্ৰ, নবযুগ প্ৰকাশনী, চাৰুলিপি প্ৰকাশন, জাতীয় সাহিত্য প্ৰকাশ, আৰ্দন পাব্লিকেশ্যন, দীব্য প্ৰকাশ, মূৰ্ধণ্য পাব্লিছাৰ্ছ আৰু ৰোমান পাব্লিছাৰ্ছ।

(জিপ্লাছ অসমীয়া এতিয়া হোৱাটছএপ্পতো উপলব্ধ। হাতৰ মুঠিতে জিপ্লাছৰ খবৰ লাভ কৰিবলৈ হোৱাটছএপ্প সেৱা ছাবস্ক্ৰাইব কৰক - https://chat.whatsapp.com/Bv42JxllfSL8F9VPALAkQo)