+

1 litre milk mixed with water served to 81 students

৩০ নৱেম্বৰ, গুৱাহাটী : দেশত মধ্যাহ্ন ভোজনত ব্যাপক কেলেংকাৰি। বিগত নৱেম্বৰ মাহৰ পৰা দেশৰ বিভিন্ন বিদ্যালয়সমূত মধ্যাহ্ন ভোজন সন্দৰ্ভত বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছে। 

এতিয়া ছচিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈছে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ মধ্যাহ্ন ভোজনৰএক কেলেংকাৰিৰ ভিডিঅ’। জিলাখনৰ এখন বিদ্যালয়ত ৮১ জন ছাত্ৰ-ছাত্ৰীৰ মাজত পানী মিহলাই বিলাইছে ১ লিটাৰ গাখীৰ। বিদ্যালয়খনত মুঠ ১৭১ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰে। ইয়াৰে ৮১ জন ছাত্ৰ-ছাত্ৰী পানী মিশ্ৰিত গাখীৰ খোৱা ভিডিঅ’টো ছচিয়েল মিডিয়াকত ভাইৰেল হোৱাৰ লগে লগেই মধ্যাহ্ন ভোজন আচঁনিৰ সঠিক ৰূপায়ণকলৈ প্ৰশ্ন উত্থাপিত হৈছে।      

আনহোতে যোৱা ৩ নৱেম্বৰৰ পৰা অসমৰ বিভিন্ন চৰকাৰী বিদ্যালয়সমূহতো মধ্যাহ্ন ভোজন বিলোৱাৰ একাংশ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনক দায়িত্ব অৰ্পন কৰা হৈছিল। এই NGO সমূহে বিলোৱা খাদ্য, লেতেৰা, অপৰিচ্ছন্ন আৰু নিম্নমানৰ হোৱাৰ লগতে খাদ্য বিলাওঁতে বিভিন্ন বেমেজালিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আনকি খাদ্যসমূহত পোক–পৰুৱা,পইতাঁচোৰাৰ লগতে চুলিও পোৱাৰো অভিযোগ উত্থাপন হৈছিল। 

facebook twitter