Usha Mangeshkar, Alka Yagnik arrive in Guwahati

12:51 PM Aug 09, 2019 | G Plus Digital Desk

৯ আগষ্ট, গুৱাহাটী : গুৱাহাটীত উপস্থিত দুই তাৰকা সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা য়াগনিক। মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ঊষা মংগেশকাৰ এক কাৰ্যসুচীত অংশ ল'বলৈ গুৱাহাটীত উপস্থিত হৈছেহি। মাছখোৱাত এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকাৰ সমাধিস্থলো পৰিদৰ্শন কৰিব ঊষা মংগেশকাৰে ।

আনহাতে অলকা য়াগনিকে ব্যক্তিগত বিশেষ কাৰ্যসূচীত অংশ ল'বলৈ গুৱাহাটীত উপস্থিত হৈছেহি। জনপ্ৰিয় দুয়োগৰাকী তাৰকা শিল্পীকে বৰঝাৰ বিমানবন্দৰতে শুভকাঙ্খীয়ে উষ্ম আদৰণি জনায়।