+

Two youths arrested by Assam Police, while out for joining in ULFA (I)

১৮ ডিচেম্বৰ, গুৱাহাটী - আলফা স্বাধীনৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পুনৰ আৰক্ষীৰ জালত পৰিল আলফাত যোগদান কৰিবলৈ যোৱা যুৱক। কালি গোলাঘাট আৰক্ষীয়ে আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে।

ঘটনাক্ৰমে আৰক্ষীৰ জালত পৰা যুৱক দুজন ক্ৰমে গহপুৰ নিগমৰ নৱ সন্দিকৈ আৰু ৰুবুল বনিয়া। ইয়াৰে নৱ সন্দিকৈ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ হোৱাৰ বিপৰীতে আনজন দশম শ্ৰেণীৰ ছাত্ৰ।

{{bjhAbJRfbTy1zyy7Fafm}}

উল্লেখ্য যে গোলাঘাটৰ ৰঙাজানত আৰক্ষী আৰু চি আৰ পি এফে চলোৱা যৌথ অভিযানত ধৰা পৰে দুই যুৱক। এখন নৈশ বাছেৰে নগালেণ্ডৰ মন জিলালৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকদ্বয়ক।

facebook twitter