+

Two miscreants looted 2 lacs rupees in Guwahati 

১৯ নৱেম্বৰ, গুৱাহাটী : মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে চিলনী চোৰৰ উপদ্ৰৱৰ ঘটনা। দিন দুপৰতে মহানগৰীৰ মঠঘৰীয়াত মহিলাৰ চকুত ধূলি দি দুই চিলনী চোৰে কাঢ়ি নিলে ২ লক্ষাধিক টকা। 

আজি দুপৰীয়া সময়ত এগৰাকৰী মহিলাই তেওঁৰ কন্যাৰ সৈতে মঠঘৰীয়াৰ নিকটৱৰ্তী ষ্টেট বেংকৰ পৰা ২ লাখ টকা উলিয়াই ঘৰমুখে উভতি যাওঁতেই  দুই দুৰ্বৃত্তই পালছাৰ বাইকেৰে আহি টকাৰ বেগটো কাঢ়ি লৈ যায়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱামতে টকাখিনি কাঢ়ি লৈ  দুৰ্বৃত্তৰ দলটো হাউচিংৰ ফালে পলায়ন কৰে। 

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে চিলনী চোৰক বিচাৰি তদন্ত অব্যাহত ৰাখিছে। 

facebook twitter