+

tea workers will get 20 % bonus- Chandramohan Patowary

২১ ছেপ্তেম্বৰ, গুৱাহাটী : শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলৰ প্ৰাপ্য বোনাছ সন্দৰ্ভত সন্মতি প্ৰদান কৰিছে চাহ বাগিছা কৰ্তৃপক্ষই। ইতিমধ্যে শ্ৰমিকসকলৰ ২০ শতাংশ বোনাছৰ ধন ৰাজ্য চৰকাৰে মুকলি কৰিছে। শুক্ৰবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যৰ উদ্যোগমন্ত্ৰী  চন্দ্ৰমোহন পাটেৱাৰীয়ে। 

লগতে মন্ত্ৰীগৰাকীয়ে জনায় - “চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন পক্ষৰ সৈতে হোৱা বৈঠকত বৃহৎ চাহ বাগিছাৰ মালিক পক্ষই দুৰ্গা পূজাৰ পূৰ্বে শ্ৰমিকক ২০ শতাংশ বোনাছ মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে। বিগত সময়ত চাহৰ চাহিদা ১৭ শতাংশলৈ হ্ৰাস পাইছিল। আনহাতে শেহতীয়াকৈ এই চাহিদা ১২ শতাংশলৈ হ্ৰাস পাইছে। বৰ্তমান বিশ্বৰ বজাৰত অসমৰ চাহৰ তুলনাত কেনিয়াৰ চাহৰ চাহিদা বৃদ্ধি পাইছে।”

{{uhEPCQjDXUc8dZVvJBuY}}


লগতে মন্ত্ৰীজনে কয় যে অসমৰ চাহৰ ৫০ শতাংশ বৃহৎ চাহ বাগিছাসমূহে আৰু ৫০ শতাংশ ক্ষুদ্ৰ চাহ বাগিছাসমূহে উৎপাদন কৰে। এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ চাহৰ গুণগত মান পুনৰুদ্ধাৰৰ সাতটা আঠটা পাতৰ পৰিৱৰ্তে এটি কলি দুটি পাত উঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।    

উল্লেখযোগ্য শেহতীয়াকৈ লোকচানৰ গইনা লৈ চাহ বাগিছাৰ মালিকসকলে শ্ৰমিকসকলৰ প্ৰাপ্য ২০ শতাংশ বোনাছৰ সলনি ৮.৩৩ শতাংশ বোনাছ দিয়াৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাত জাঙুৰ খাই উঠিছিল চাহ শ্ৰমিকসকলৰ লগতে ৰাজ্যৰ দল সংগঠনসমূহে।  

facebook twitter