Rajasthan Royals Slapped With PIL In Jaipur Over Hosting Matches In Guwahati

08:13 AM Feb 21, 2020 | G Plus Digital Desk

গুৱাহাটী - গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছে দ্বিতীয় গৃহ খেলপথাৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা সন্দর্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ে শুকুৰবাৰে চূড়ান্ত শুনানি গ্রহণ কৰাৰ কথা আছিল যদিও অহা ১৭ মার্চলৈ শুনানি প্রক্রিয়া পিছুৱাই দিছে৷ ইয়াৰ ফলত বর্ষাপাৰা ষ্টেডিয়ামত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ বিষয়টো এতিয়াও আদালতৰ মজিয়াতে ওলমি ৰৈছে৷

উল্লেখ্য যে অসম তথা উত্তৰ–পূর্বাঞ্চলত ক্রিকেটৰ প্রসাৰ আৰু জনপ্রিয়তাৰ লক্ষ্যৰে ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত সমাগত আই পি এলৰ দুখন মেচ খেলাৰ ইচ্ছা প্রকাশ কৰিছিল যদিও ৰাজস্থান ক্রিকেট সন্থা আৰু ৰাজস্থানৰ তিনিগৰাকী প্রাক্তন ক্রিকেটাৰে দলটোৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷ ৰাজস্থান ৰয়েলছে জয়পুৰৰ সলনি গুৱাহাটীক ঘৰুৱা গ্রাউণ্ড হিচাপে ব্যৱহাৰ কৰাটো ৰাজস্থানৰ প্রতি অপমানজনক বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে৷

অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড আৰু আই পি এলৰ গৱর্নিং বডী ৰাজস্থান ৰয়েলছৰ পক্ষত আছে৷ যিকোনো দলে দ্বিতীয়খন গৃহ খেলপথাৰ হিচাপে দেশৰ যিকোনো চহৰক বাছনি কৰিব পাৰে বুলি ব’র্ডে ইতিমধ্যে ৰাজস্থান ৰয়েলছক সেউজ সংকেত দিছে৷ ব’র্ডে প্রকাশ কৰা আই পি এলৰ সূচীতো গুৱাহাটীক ৰাজস্থান ৰয়েলছৰ সম্ভাব্য ঘৰুৱা ভেন্যু হিচাপে সন্নিৱিষ্ট কৰিছে৷ এই অনুসৰি অহা ৫ এপ্রিলত ৰাজস্থান ৰয়েলছে দিল্লী কেপিটেলছ আৰু ৯ এপ্রিলত কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে গুৱাহাটীত আই পি এলৰ দুখন মেচ খেলিব৷

ইফালে, শেহতীয়াকৈ জানিব পৰা অনুসৰি, ৰাজস্থান ৰয়েলছে আই পি এলৰ পূর্বে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত দলীয় অনুশীলন চলাবলৈও প্রস্তুতি আৰম্ভ কৰিছে৷ অহা ২৫ মার্চৰ পৰা দলটোৰ সকলো খেলুৱৈ গুৱাহাটীত একগোট হোৱাৰ কথা৷ কিন্তু ৰাজস্থান ৰয়েলছৰ এই পৰিকল্পনাই বাস্তৱ ৰূপ পাবলৈ অহা ১৭ মার্চলৈ ক্রিকেটপ্রেমীয়ে অপেক্ষা কৰিব লাগিব৷