+

Producer Pranjal Bharali is no more 

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : ৰাজ্যৰ বিশিষ্ট প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ বিয়োগ। আজি পুৱা প্ৰায় ৫.৪৫ বজাত নেমকেয়াৰ হাস্পতালত মৃত্যু হয় বিশিষ্ট প্ৰযোজকগৰাকীৰ। 

হৃদজনিত ৰোগত যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা হাস্পতালত ভৰ্তি হৈ আছিল প্ৰয়াত ভৰালী। অসমীয়া ছবিজগতত চুৰেন চোৰৰ পুতেক, জোনদা ইমান গুণ্ডা আদি জনপ্ৰিয় চিনেমা উপহাৰ দিয়া প্ৰযোজকগৰাকীৰ মৃত্যুত শিল্পীসমাজত পৰিছে গভীৰ শোকৰ ছাঁ।

মৃত্যুৰ সময়ত ভৰালীৰ বয়স আছিল ৬০ বছৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভৰালীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে। 

facebook twitter