+

Prateek Hajela is a White Collar Jehadi

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে পুনৰ সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল অসম পাব্লিক ৱকৰ্ছৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷ আজি নতুন দিল্লীত এক সংবাদমেল আয়োজন কৰি শৰ্মাই কয় -“এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা "হোৱাইট ক'লাৰ" জেহাদী। অতি শীঘ্ৰে এওঁক ৰাজ্য চৰকাৰে তদন্তৰ জৰিয়তে শাস্তি বিহিব লাগে। ডুপলিকেট চফটৱেৰ কোম্পানীৰে মিতিৰালি কৰি হাজেলাই এন আৰ চিৰ ধন লুটিলে।৭৯৫ কোটি টকা উইপ্ৰ'ক আদায় দিয়াৰ পিছতো উইপ্ৰ'ই এন আৰ চিৰ তথ্য সংৰক্ষণ নকৰাটো দুৰ্ভাগ্যজনক।”

“এন আৰ চিৰ দুৰ্নীতিত জড়িত আছে অসমৰ বহুকেইজন গণ্য মান্য ব্যক্তি জড়িত আছে।নাম নলওঁ যদিও শীল উপাধিৰ এজন বক্তি প্ৰত্যক্ষভাৱে জড়িত আছে। 20১৬ চনৰ বিমুদ্ৰাকৰণৰ সময়ৰ পৰা 20১৭ৰ মে' মাহলৈকে এই ব্যক্তিজনে প্ৰায় 10 বাৰ আমেৰিকা ভ্ৰমনলৈ গৈছিল।” 

লগতে শৰ্মাই কয় -“সমগ্ৰ এন আৰ চিৰ দুৰ্নীতিৰ বিষয়ত এ পি ডব্লিউৱে মুঠ 22 টা গোচৰ তৈয়াৰ কৰিছে আৰু তাৰে প্ৰায় ৩ টা গোচৰ ৰুজু কৰিছে।আনহাতে ভূমিপুত্ৰৰ নাম বাদ দি আশী লাখ বিদেশীৰ নাম সন্নিবিষ্ট কৰি প্ৰকাশ কৰা এন আৰ চিৰ বিৰুদ্ধে পুনৰ সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিম।”

facebook twitter