Physically assulting a lady journalist at a pollution centre in Guwahati

09:35 AM Sep 28, 2019 | G Plus News

২৮ ছেপ্তেম্বৰ, গুৱাহাটী : পল্যুউশ্যন কেন্দ্ৰত বাতৰি সংগ্ৰহৰ সময়ত মহিলা সাংবাদিকক দুৰ্ব্যৱহাৰ উদণ্ড ব্যক্তিৰ। ৰাজ্যত নতুনকৈ যান-বাহন আইন কাৰ্যকৰী হোৱাৰ পাছতে এতিয়া ৰাজ্যবাসীয়ে ভিৰ কৰিছেগৈ পল্যুউশ্যন কেন্দ্ৰসমূহত। আজি পুৱা তেনেকুৱা এক বাতৰিৰ সংক্ৰান্ততে মহানগৰীৰ এটা পলিউশ্যন কেন্দ্ৰত ‘প্ৰতিদিন টাইম’ চেনেলৰ মহিলা সাংবাদিক এগৰাকীক  দুৰ্ব্যৱহাৰ কৰে।

অতি প্ৰভাৱশালী ব্যক্তি বুলি নিজকে পৰিচয় দিয়া ব্যক্তিজনে মহিলা সাংবাদিকগৰাকীক শাৰীৰিক অপদস্থ কৰাৰো চেষ্টা কৰাৰ লগতে বুম আৰু কেমেৰাও দলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে সাংবাদিকগৰাকীয়ে। কেন্দ্ৰটোৰ স্বত্বাধিকাৰীজনৰ পৰা বাতৰিৰ সংক্ৰান্তত কিছু তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে ব্যক্তিজনে মহিলা গৰাকীক অশ্লীল ভাষাৰে আক্ৰমন কৰে। 

ইতিমধ্যে এই পলিউশ্যন কেন্দ্ৰসমূহৰ নামত বহুতো অনিয়ম হৈ থকাৰ লগতে একাংশ কেন্দ্ৰতো নথি পত্ৰ দিয়াৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন হৈছে।  

{{uhEPCQjDXUc8dZVvJBuY}}