Panchayat Poll - 1,88,943 voter to vote in Kamrup Metro

07:29 AM Dec 04, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব কাইলৈ। এই লৈ সমগ্ৰ ৰাজ্যতে ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত ৰাজ্যখনৰ ১৬ খন জিলাত বুধবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ (গ্ৰাম্য) আৰু কামৰূপ (মহানগৰ)জিলাতো ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ’ব প্ৰথম পৰ্যায়তে। এইবাৰ কামৰূপ মহানগৰ জিলাৰ কাইলৈ অৰ্থাৎ ৫ ডিচেম্বৰত ভোটদান কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮৮,৯৪৩ গৰাকী।

কালি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে সাংবাদিকৰ সমূখত কয় যে কাইলৈ পুৱা ৭ বজাতে আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব বিয়লি ৩ বজাত। ইতিমধ্যেই সকলোধৰণৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি দিয়া হৈছে কালিৰে পৰা। কেৱল কামৰূপ মহানগৰ জিলাতে আছে ২১ খন গাওঁ পঞ্চায়ত, ইয়াৰ বাবে ২৫৬ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

উল্লেখ্য যে অহা ১২ ডিচেম্বৰত সোণাৰাম হাইস্কুলত কামৰূপ মহানগৰ জিলাৰ ভোটসমূহৰ গণনা কৰা হ’ব। কামৰূপ মহানগৰৰ বাবে নিৰ্বাচনী নিৰীক্ষক হিচাপে থাকিব কবিতা ডেকা, ইফালে প’লিং এজেণ্টসমূহ দলসমূহে নিজেই নিয়োগ কৰিব পাৰিব।

{{PRx6ntEp8c4ucb9q4yvj}}

ইতিমধ্যেই কালি ৩ বজাৰ পৰা কামৰূপ মহানগৰত ঘোষণা কৰা হৈছে ড্ৰাই ডে। আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন নোহোৱালৈকে অৰ্থাৎ ৫ ডিচেম্বৰৰ সন্ধিয়া ৭ বজালৈ এই নিৰ্দেশনা অব্যাহত থাকিব।

এইবাৰ কামৰূপ মহানগৰ জিলাৰ মুঠ ১,৮৮,৯৪৩ গৰাকী ভোটাৰৰ ভিতৰত ৯৪,৯০৪ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৯৪,০৩৯ গৰাকী মহিলা ভোটাৰ।