Orang National park reopen for visitors

09:06 AM Oct 17, 2019 | G Plus News

১৭ অক্টোবৰ, গুৱাহাটী : অহা ১ নবেম্বৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব মিনি কাজিৰঙা হিচাপে পৰিচিত দৰং জিলাৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। চলিত বৰ্ষৰ ভয়ংকৰ বানপানীত ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছুসংখ্যক অঞ্চল তথা পথ  বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। ফলত এই পথসমূহ মেৰামতিৰ কাম ইতিমধ্যে ভালেখিনি আগবাঢ়িছে।  


পথ মেৰামতিৰ কাম সম্পুৰ্ণ হোৱাৰ পাছত সাতশিমলু বন পৰিদৰ্শন বাংলো আৰু চিঙাভেটি ফৰেষ্ট কেম্পলৈ পৰ্যটক সকলৰ  মুকলি কৰি দিয়া হ’ব। বুধবাৰে দৰং জিলাৰ জনসম্পৰ্ক ৰক্ষী বিষয়াই আৰু মঙলদৈৰ বন সংমণ্ডল বিষয়াই এই কথা ঘোষণা কৰে।