one smuggler arrested in Barjhar Airport

01:48 PM Sep 17, 2019 | G Plus News

১৭ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যত অব্যাহত আছে চোৰাং ব্যৱসায়। আজি শুল্ক বিভাগে বৰঝাৰ বিমানবন্দৰৰ পৰা  প্ৰায় ৮ কেজিৰ অগৰুসহ এজন লোকক আটক কৰে। আটক কৰা সৰবৰাহকাৰী জনৰ নাম অজয় চেৰাউগৰি বুলি জানিবলৈ দিয়ে। 

জান্ব পৰা মতে নাগালেণ্ডৰ পৰা দিল্লীলৈ বিমানযোগে লৈ যাবলৈ চেষ্টা কৰিছিল  চোৰাং অগৰুখিনি। জব্দ কৰা অগৰুৰ বজাৰমুল্য প্ৰায় ১ লাখ টকাবুলি ধৃত লোকজনে প্ৰকাশ কৰে। 

ইয়াৰ পিছত অগৰুখিনি ৰাণী বন  বিভাগক গতাই দিয়ে। বৰ্তমান লোকজনক ৰানী বনাঞ্চলিক কায্যলয়ত সোধ-পোছ কৰি আছে।