NRC HEARING BUS ACCIDENT AT KHANAPARA

06:26 AM Aug 05, 2019 | G Plus Digital Desk

৫ আগষ্ট, গুৱাহাটী : দেওবাৰে নিশা গুৱাহাটীৰ খানাপাৰাত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। আলকাতৰা কঢ়িয়াই অনা তীব্ৰবেগী ডাম্পাৰ এখন এন আৰ চিৰ শুনানিৰ বাবে সোনতলীৰ পৰা গোলাঘাটলৈ গৈ থকা বাছ এখনৰ ওপৰত বাগৰি পৰে। 

আলকাতৰা কঢ়িয়াই অনা তীব্ৰবেগী ডাম্পাৰখনে খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাত পতিত হোৱা বাছখনত শিশুসহ ৫২ গৰাকী যাত্ৰী আছিল। ডাম্পাৰখনৰপৰা আলকাতৰা পৰি বাছখনৰ বহু যাত্ৰী দগ্ধ হয়। দুৰ্ঘটনাত  বাছখনত থকা ২৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাত আহত সকলক ততালিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়।

আনফালে এই দুৰ্ঘটনাতে আঠমাইল নিবাসী এলবাৰ্ট নংট্ৰুম নামৰ এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

আহত সকলৰ ভিতৰত ফাতেজান, আচৰাফুল ভূঞা, আমেলা খাতুন, ছাবিয়া খাতুন, মিজানুৰ ৰহমান আৰু ইয়াৰুল হক ভূঞা সহ ৪ জন যাত্ৰীৰ অৱস্থা সংকটজনক।