+

New mobile app launched to assist farmers

২৮ আগষ্ট, গুৱাহাটী - ৰাজ্যত বৃদ্ধি পাইছে অনলাইন এপ্পৰ চাহিদা। এইবাৰ ৰাজ্যৰ গ্ৰামাঞ্চলৰ কৃষক ৰাইজৰ বাবে মুকলি কৰিছে কৃষিৰ মোবাইল এপ্প। এই এপ্পৰ যোগেদি কৃষকসকলে বিচৰাৰ লগে লগেই কৃষি সঁজুলি ভাৰালৈ যোগান ধৰিব জে ফাৰ্ম ছাৰ্ভিচ নামৰ এটা প্ৰতিষ্ঠানটোৱে।

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কালি আনুষ্ঠানিকভাৱে জে ফাৰ্মে প্ৰস্তুত কৰি উলিওৱা এই এপ্পটো মুকলি কৰে।এই এপ্পটো ডাউনলড কৰি কৃষকসমূহে প্ৰয়োজনৰ ভিত্তিত ট্ৰেক্টৰ , পাৱাৰ টিলাৰ আদিকে ধৰি কালটিভেটৰ, ৰোট'ভেটৰ , প্লাও, চীড ড্ৰীল, মৰণামৰা যন্ত্ৰ, ধান চপোৱা যন্ত্ৰ, মৈ দিয়া যন্ত্ৰ আদিকে কৰি বিভিন্ন ধৰণৰ কৃষি সঁজুলিৰ সেৱা লাভ কৰিব পাৰিব। 

facebook twitter