Nabagraha Cemetery boundary wall collapsed

01:12 PM Aug 16, 2019 | জি প্লাছ নিউজডেস্ক

১৬ আগষ্ট,গুৱাহাটী : মহানগৰীত কালিৰ পৰা হৈ থকা প্ৰবল বৰষুণৰ ফলত খহি পৰিল নৱগ্ৰহ শ্মশানৰ এখন দেৱাল। দেৱালখন খহি পৰাৰ ফলত যাতায়তৰ বাবে পথটো বন্ধ হৈ পৰে। পথটোৰ ক্ৰমে আধালৈকে দেৱালখন খহি পৰে। 

স্থানীয় লোকে  লগে লগে পৌৰ নিগম আৰু বিদ্যুৎ বিভাগকো খবৰ দিয়ে যদিও এতিয়ালৈ কোনো এটা বিভাগৰে মানুহ উপস্থিত হোৱা নাই। ইফালে দেৱালৰ ওচৰতে লাগি থকা এডাল পুৰণি গছো বাগৰি পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। আৰু দুজাকমান বৰষুণ দিলেই গছডালো বাগৰি পৰিব বুলি স্থানীয় লোকে অৱগত কৰে। 

{{P2rLAnPZgiHw4EizVBmE}}