+

Miscreants snatched 2.90 lac at Sixmile

২ নৱেম্বৰ, গুৱাহাটী -গুৱাহাটীৰ অন্যতম ব্যস্ততম স্থান তথা আৰক্ষীৰে গিজগিজাই থকা ছয়মাইলত দিনদুপৰতে ধনৰ মোনা কাঢ়ি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি বিয়লি দিছপুৰ থানাৰ অন্তৰ্গত ছয়মাইল উৰণীয়া সেঁতুৰ তলত মটৰ চাইকেলত অহা চাৰি দুৰ্বৃত্তই এজন লোকৰ পৰা ২.৯০ লাখ টকা কাঢ়ি লৈ যায়। 

জানিব পৰা মতে, ছয়মাইলৰ শংকৰদেৱ গেছ এজেন্সিৰ প্ৰবন্ধক নয়ন ডেকাই এই টকাখিনি বেংকত জমা দিবলৈ লৈ গৈছিল। বেংকত প্ৰৱেশ কৰাৰ পূৰ্বেই দুখন বাইত অহা চাৰি দুৰ্বৃত্তই পিষ্টল দেখুৱাই লোকজনৰ পৰা ধনৰ মোনাটো কাঢ়ি লৈ উধাও হয়। এই পৰ্যন্ত আৰক্ষীয়ে অপৰাধীক কোনো সম্ভেদ উলিয়াব পৰা নাই।   

facebook twitter