miscreant stole 2 lacs rupees in Maligaon

12:16 PM Aug 22, 2019 | G Plus News

২২ আগষ্ট, গুৱাহাটী : মালিগাঁৱত দিন ডকাইতি। ৱেগ’নাৰৰ গ্লাছ ভাঙি দুৰ্বৃত্তই দুই লাখ টকা লৈ যায়। দীপক দাস নামৰ যুৱক এজনে গড়চুকৰ ষ্টেট বেংকত দুই লাখ টকা উঠাইছিল। 

{{4CSF_UaoTFkjY5BY3FzZ}}

মালিগাঁৱত গাড়ীত টকাখিনি থৈ বজাৰ কৰি থাকোতে দুৰ্বৃত্তই টকাখিনি লৈ উধাও হয়। দীপক দাসে আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।