Kati bihu celebrated in Mirza 

11:10 AM Oct 19, 2019 | G Plus News

১৯ অক্টোবৰ, গুৱাহাটী : কালি ৰাজ্যজুৰি পালন কৰা হৈছে অসমীয়াৰ বাপতি সাহোন কাতি বিহু। মিৰ্জাৰ শিকাৰহাটী খেলপথাৰত ৫,০০০ চাকিৰে অসমৰ মানচিত্ৰ অংকন কৰে।

আইদেউ টকীজৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে মিৰ্জাৰ শিকাৰহাটী খেলপথাৰত কেবাখনো ৰাইজক একত্ৰিত কৰি কাতি বিহু সমূহীয়াকৈ আয়োজন কৰে। পাঁচ হাজাৰৰো অধিক মাটি চাকিৰে অঞ্চলটো উজলাই তোলাৰ লগতে সমূহীয়াকৈ তুলসী তলত সেৱা  লয়।