+

JNU should be in name of Narendra Modi, demands BJP MP

১৯ আগষ্ট, ডিজিটেল ডেস্ক - দিল্লীৰ জেএনইউ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে নামাকৰণ হ’ব লাগে। দিল্লীৰ বিজেপি সাংসদ হংস ৰাজ হংসে কালি কৰা মন্তব্য এয়া। বিশ্ববিদ্যালয়লৈ গৈয়েই তেওঁ কয় এই কথা। ৩৭০ ধাৰাৰ আওঁতাত জম্মু কাশ্মীৰৰ বিশেষ মর্যাদা প্রত্যাহাৰ আৰু জম্মু কাশ্মীৰক দুটা কেন্দ্রশাসিত অঞ্চলত ভগাই দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে কৈ এসময়ৰ বলীউডত সবল থিতাপি লোৱা সংগীত শিল্পীগৰাকীয়ে JNUৰ নাম NMU কৰা উচিত বুলি মন্তব্য কৰে।

তেওঁ কয়, “প্রার্থনা কৰো সকলো সুখে শান্তিৰে থাকক। আমাৰ পূর্বপূৰুষসকলে বহু ভুল কৰি গৈছে, আমি তাৰ কুফল ভুগিছো। মই কওঁ, এই বিশ্ববিদ্যালয়ৰ নাম জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে  নৰেন্দ্ৰ মোদী বিশ্ববিদ্যালয় কৰা হওঁক। মোদীৰ নামেৰেও কিছু প্ৰতিষ্ঠা থাকক।”

উল্লেখ্য যে ১৯৬৯ চনত প্ৰতিষ্ঠা হৈছিল এই ঐতিহ্যমণ্ডিত জেএনইউ। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামাঙ্কিত কৰা হৈছিল এই বিশ্ববিদ্যালয়।

ইফালে ৩৭০ ধাৰা বাতিলৰ পিছৰে পৰা জেএনইউৰ ছাত্ৰসমাজ বিতৰ্কৰ আওঁতাত সোমাই পৰিছিল। তদুপৰি জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত পৰিৱেশ এতিয়াও শান্ত হোৱা নাই। অৱশ্যে বিগত শনিবাৰে জম্মু কাশ্মীৰ চৰকাৰে এই উপত্যকাৰ যথেষ্ট অংশত নিষেধাজ্ঞা শিথিল কৰি দিছে। 
{{P2rLAnPZgiHw4EizVBmE}}

facebook twitter