+

Guwahati police is ready to celebrate Republic Day

২১ জানুৱাৰী, গুৱাহাটী : গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান দিন। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গনৰাজ্য দিৱসৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে মহানগৰ আৰক্ষী প্ৰশাসন।  

গণৰাজ্য দিৱসৰ সন্দৰ্ভত আজি সংবাদ মেল আয়োজন কৰি জিলা উপাযুক্ত বিশ্বজিৎ পেগুৱে কয় - “প্ৰতিবছৰৰ দৰে এইবাৰো আমি গণতন্ত্ৰ দিৱসৰ আয়োজন কৰিছো। প্ৰায় শেষ পৰ্যায় পাইছেহি প্ৰত্সুতিৰ কাম। খানাপাৰাত পেৰেডৰ অনুশীলন পূৰ্ণ গতিত চলি আছে। পেণ্ডেলৰ কাম কাজ সমাপ্ত হৈছেহি। কাইলৈ আমি মুখ্য সচিব মহাশয়ক লগত লৈ নীৰিক্ষণৰ কাৰণে যাম।”

পেগুৱে কয় - “এইবাৰ পেৰেডৰ নেতৃত্ব লব অসম ৰাইফলছে লগতে এন চি চি স্কাউট গাইডে এই পেৰেডত অংশগ্ৰহণ কৰিব। পূৰ্বৰ দৰে এইবাৰো পেৰেডত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰা স্কুল সমুহক পুৰস্কৃত কৰা হব।”

আনহাতে বিশেষভাৱে সক্ষম লোকসকললৈ বিশেষভাৱে হুইল চেয়াৰৰ ব্যৱস্থা কৰিছে। লগতে নিৰাপত্তাক লৈ সম্পূৰ্ণ ৰূপে সষ্টম হৈছে প্ৰশাসন। খানাপাৰা খেলপথাৰত থাকিব চিচিটিভি কেমেৰাৰ লগতে যাতায়তৰ ক্ষেত্ৰত যাতে কাৰো অসুবিধা নহয়, তাৰ বাবে এইবাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

আমোদ প্ৰমোদৰ বাবে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে বুলি সদৰি কৰে। ৰাজ্যবাসীয়ে যাতে মুক্ত মনে গনতন্ত্ৰ দিৱস উপভোগ কৰিবলৈ তাৰ বাবে সকলো ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে।

facebook twitter