Free Wifi will be available in 198 stations

07:04 AM Oct 12, 2019 | G Plus News

১২ অক্টোবৰ, গুৱাহাটী : ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ অংশ হিচাপে অচিৰেই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৩৬৩ টা ষ্টেচনৰ  ১৯৮ টা ষ্টেচনত বিনামূলীয়া ৱাই-ফাই সেৱা উপলব্ধ কৰা হ’ব। ইতিমধ্যে যোৱা ছেপ্তেম্বৰ মাহত ইয়াৰে ভিতৰত ৬৪ টা ষ্টেচনত ৱাই-ফাই সেৱাৰ ব্যৱস্থা উপলব্ধ হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জনোৱা মতে চলিত ২০১৯-২০ বৰ্ষত ৩৬৩ টা ষ্টেচনৰ ভিতৰত ২৯৫ টা ষ্টচনত ৱাই-ফাই সেৱা উপলব্ধ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তিনিচুকীয়া সংমণ্ডলত ৩৫টা, লামডিং সংমণ্ডলত ৮৭ টা, ৰঙিয়া সংমণ্ডলত ৬৪ টা, আলিপুৰ দুৱাৰ সংমণ্ডলত ৫৫ টা আৰু কাটিহাৰ সংমণ্ডলত  ৫৪ টা ষ্টেচনত ২০২০ চনৰ ৩১ মাৰ্চৰ ভিতৰত ৱাই-ফাই সেৱা উপলব্ধ কৰা হ’ব বুলি ঘোষণা কৰে।