১ আগষ্ট, গুৱাহাটী : মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ দেহাৱসান ৷ কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কজন৷
কিছুদিন পূৰ্বে শৰৎ শইকীয়াৰ বৃক্ক সংৰোপন কৰা হৈছিল৷
বহুদিনৰপৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা বিধায়কজনক ২০ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শৰৎ শইকীয়া ২০০১, ২০০৬ আৰু ২০১১ চনত একেৰাহে তিনিটা কাৰ্যকাল কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ শিক্ষা বিভাগৰ সংসদীয় সচিবৰ দায়িত্বতো আছিল প্ৰাক্তন বিধায়কজন ৷
উল্লেখ্য যে বিগত ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শইকীয়াই যোৰহাটত বিজেপি দলত যোগদান কৰিছিল। প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭১ বছৰ।
Former Mahmara MLA Sarat Saikia Passes Away
01:03 PM Aug 01, 2019
| G Plus Digital Desk