Firing in Orang national park

07:29 AM Sep 28, 2019 | G Plus News

২৮ ছেপ্তেম্বৰ, গুৱাহাটী : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন। কালি নিশা ৰাষ্ট্ৰীয় উদ্যানখনত উদ্যানটোত বন সুৰক্ষা কৰ্মীৰ  সৈতে চোৰাং চিকাৰীৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় উদ্যানৰ বিলপাৰত সংঘটিত হোৱা গুলিয়াগুলিত এজন চোৰাং চিকাৰী নিহত হয়। 

আজি ৰাতিপুৱা চোৰাং চিকাৰীজনৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। অৱশ্যে বৰ্তমানলৈ চোৰাংচিকাৰীজনৰৰ  পৰিচয় উদ্ধাৰ হোৱা নাই ।

বন বিভাগে মৃতদেহটো  মৰনোত্তৰ পৰীক্ষাৰ বাবে মংঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।নিহত চোৰাং চিকাৰীজনৰ পৰা এটা  থ্ৰী নট থ্ৰী এটা ৰাইফল, এটা বেগ, কুঠাৰ আৰু পাচটা সজীৱ গুলী উদ্ধাৰ হৈছে ।


{{uhEPCQjDXUc8dZVvJBuY}}