Electricity bills set to rise in Assam again

06:35 AM Feb 20, 2020 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - ৰাজ্যত শীঘ্ৰেই বৃদ্ধি পাব বিদ্যুৎ মাচুল। শক্তি বিভাগে ইতিমধ্যেই ইয়াৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। বিদ্যুৎ মাচুল বৃদ্ধিৰ আর্জি দি এ পি ডি চি এলকে ধৰি শক্তিখণ্ডৰ তিনিওটা কোম্পানীয়ে জনোৱা আৱেদনৰ ভিত্তিত কালি বিদ্যুৎ নিয়ামক আয়োগে অনুষ্ঠিত কৰে শুনানি৷ বিদ্যুতৰ ঘৰুৱা মাচুল ১.৬০ টকা আৰু বাণিজ্যিক মাচুল ১.৮৫ টকা প্রতি ইউনিটত বৃদ্ধি কৰাৰ প্রস্তাৱ দিয়া হৈছে৷ লোকচানৰ দোহাই দি এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলে বিদ্যুৎ মাচুল বৃদ্ধিৰ পাং পতাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷

উল্লেখযোগ্য যে ৰাজ্যৰ শক্তি বিভাগে প্রতি ইউনিটত ঘৰুৱা মাচুল বর্তমানৰ ৭.২৫ টকাৰ পৰা ৮.৮৫ টকালৈ বৃদ্ধি কৰিব বিচাৰিছে৷ সেইদৰে বাণিজ্যিক মাচুল প্রতি ইউনিটত বর্তমানৰ ৭.৬০ টকাৰ পৰা ৯.৪৫ টকালৈ বৃদ্ধি কৰিব বিচাৰিছে৷ বর্তমান ৫ ৱাটৰ পৰা ২৫ ৱাটলৈ যোগান ধৰা ঘৰুৱা বিদ্যুতৰ ওপৰত প্রতি ইউনিটৰ বিপৰীতে ৭.২৫ টকাকৈ নিৰিখ ধার্য কৰি আহিছে৷ প্রস্তাৱ দিয়া অনুসৰি বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিলে প্রতিটো পৰিয়ালেই অধিক পৰিমাণৰ নিৰিখ কিম্বা মাচুল আদায় দিব লাগিব৷

আজি বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ সুভাষ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত শুনানিত কনজিউমার্ছ লিগেল প্রটেকশ্যন ফ’ৰাম, আবিদা, ফাইনাৰ, অল ইণ্ডিয়া মেনুফেকছাৰ এছ’চিয়েশ্যন আদিয়ে অংশগ্রহণ কৰে৷ কনজিউমার্ছ লিগেল প্রটেকশ্যন ফ’ৰামে ৰাজহুৱা শুনানিত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্রস্তাৱৰ তীব্র বিৰোধিতা কৰে৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিপৰীতে শক্তি বিভাগৰ সংশ্লিষ্ট কোম্পানীকেইটা কি কাৰণত লোকচানৰ সন্মুখীন হৈ আছে, তাৰ বাখ্যা দাঙি ধৰা উচিত বুলি ফ’ৰামে দাবী কৰে৷

প্রণিধানযোগ্য যে চাহিদা অনুসৰি বিদ্যুৎ উৎপাদন আৰু যোগান দুয়োটাতেই পিছপৰি আছে শক্তি বিভাগ৷ তদুপৰি এ পি ডি চি এলৰ অভ্যন্তৰত সংঘটিত হৈ অহা ব্যাপক অনিয়ম-দুর্নীতিৰ বাবে সংগৃহীত ৰাজহ সঠিক কামত ব্যৱহাৰ হোৱা নাই৷ বিপৰীতে ঘাটি-জোৰা মাৰিবলৈ প্রতিবছৰে ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা শ শ কোটি টকা আদায় দিব লগীয়া হৈছে৷ এই সকলোবোৰ বিত্তীয় সংকটৰ পৰা পৰিত্রাণ পাবলৈ প্রতিবছৰেই বঢ়োৱা হয় বিদ্যুৎ নিৰিখ৷