+

Dr. Jayashree Goswami Mahanta and Dr. Fukan Chandra Basumatary  wins Sahitya Akademy award 2019

১৯  ডিচেম্বৰ, গুৱাহাটী : ৰাজ্যত ‘কা’ বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰি দুগৰাকী বিশিষ্ট সাহিত্যিকে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই লৈ আনিছে। ‘চাণক্য’ উপন্যাসৰ বাবে ডঃ জয়শ্ৰী গোস্বামী মহন্ত আৰু “আখাই আথুমনিফ্ৰাই” নামৰ বড়ো কবিতা পুথিৰ বাবে ডঃ ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য একাডেমী বঁটা প্ৰদান কৰে। অহা ২৫ ফেব্ৰুৱাৰীত এই সন্মান নতুন দিল্লীৰ এক অনুষ্ঠানত সাহিত্য একাডেমী বঁটাই প্ৰদান কৰিব।  

 ২০১৭ চনৰ ৰাজ্যসভাৰ প্ৰক্তন সাংসদ ডঃ জয়শ্ৰী গোস্বামী মহন্তই ‘চাণক্য’ নামৰ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা অৰ্জন কৰিছিল। গান্ধাৰী, বিশ্বৰ শ্ৰেষ্ঠ সাধু, অন্য এক ৰত্নাকৰ সহ প্ৰায় ৬৮ খন গ্ৰন্থ ৰচনা কৰিছিল লেখিকাগৰাকীয়ে। এই সন্মানযোগে লাভ কৰা আৰ্থিক অনুদান “কা” বিৰোধী আন্দোলনত শ্বহীদ হেৱাসকললৈ অৰ্পণ কৰিব বুলি লেখিকাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 

আনহাতে ‘আখাই আথুমনিফ্ৰাই’ অৰ্থাৎ হাতৰ মুঠিৰ পৰা নামৰ বড়ো কবিতা পুথিখনৰ কাৰণে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ অধ্যাপক ডঃ ফুকন চন্দ্ৰ বসুমতাৰীলৈ এই সন্মান প্ৰদান কৰে। বঁটা লাভৰ খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰে বসুমতাৰী। 

দুয়োগৰাকী সাহিত্যিককে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।    

facebook twitter