+

Deepak Kumar paid his condolences to Bhaskar Kalita's family 

২১ অক্টোবৰ, গুৱাহাটী : অসম আৰক্ষীৰ দিৱস উপলক্ষে স্বহীদ ভাস্কৰ কলিতাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মহানগৰ আয়ুক্ত দীপক কুমাৰে। যোৱা ২০১৮ চনৰ  ৫ মে’ত  তিনিচুকীয়া জিলা বৰডুমছাৰ কুনাপথাৰত শুক্ৰবাৰে আলফা(স্বাধীন) আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত গুলীবদ্ধ হৈ নিহত হয় বৰডুমছাৰ অৰক্ষীৰ উপ পৰিদৰ্শক আৰক্ষীৰ বিষয়া ভাস্কৰ কলিতা। গুলীবদ্ধ আৰক্ষী বিষয়া জনৰ ঘটনাস্থলীতে মৃত্যু হয়। 

স্বহীদ ভাস্কৰ কলিতাৰ মহানগৰীৰ মাজিৰগাঁওস্থিত বাস গৃহত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, পশ্চিম সংমণ্ডল আৰক্ষীৰ ACP প্ৰাঞ্জল বৰা, আজাৰা আৰক্ষী আৰু মাজিৰগাঁওৰ ৰাইজ উপস্হিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰ জোৱান জনক । খাকী পোছাকধাৰী আৰক্ষী বাস গৃহত উপস্থিত হোৱাৰ লগে লগেই  পুত্ৰহাৰা মাতৃয়ে শোকত ভাগি পৰে । 

কলিতাৰ অসুস্থ পিতৃয়ে ভাস্কৰৰ পত্নীয়ে চৰকাৰৰ পৰা পোৱা সমূদায় অনুদান লৈ যোৱাৰ বাবে আৰ্থিক ভাৱে পৰিয়ালটি দুৰ্বল হৈ পৰে বুলি জানিব দিয়ে । 

facebook twitter