Counterfeit products cause over Rs 1 lakh crore loss every year in India

01:17 PM Aug 14, 2019 | G Plus Digital Desk

১৪ আগষ্ট, গুৱাহাটী - নকল সামগ্ৰীৰ পয়োভৰৰ ফলত বিশাৱ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। "অ’থেণ্টিকচন ছলিউচন প্ৰভাইডাৰ্চ এছ’চিয়েচন" নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য়ত এই কথা প্ৰকাশ পায়। দেশৰ বিভিন্ন ক্ষেত্ৰত নকল সামগ্ৰীয়ে বজাৰ দখল কৰা পৰিলক্ষিত হৈছে।

এ এছ পি এ ৰ অধ্য়ক্ষ নকুল পাছৰিচাই কয় যে - "নকল পয়োভৰৰ ফলত ভাৰতে প্ৰতিবছৰে প্ৰায় ১.০৫ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। যদিহে সঠিক পদ্ধতি আৰু সজাগতাৰ জৰিয়তে ৫০ শতাংশ নকল সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব পৰা যায়। তেতিয়াহলে প্ৰতিবছৰে ভাৰতে প্ৰায় ৫০,০০০ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হ'ব।

ভাৰতত সৰ্বাধিকসংখ্য়ক নকল সামগ্ৰীৰ পয়োভৰ দেখা যায় ফাৰ্মাচিউটিকেল খণ্ডত। জনস্বাস্থ্য়ৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই বিষয়টোক চৰকাৰে গুৰুত্বসহকাৰে লোৱা উচিত বুলিও অধ্য়ক্ষজনে মন্তব্য় কৰে।

{{P2rLAnPZgiHw4EizVBmE}}

 সম্প্ৰতি সমগ্ৰ বিশ্বত লেনদেন হৈ থকা মুঠ সামগ্ৰীৰ ৩.৩ শতাংশই হৈছে নকল। নকল সামগ্ৰীৰ ব্য়ৱসায়ৰ ফলত চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানসমূহ লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে সংগঠিত অপৰাধ চক্ৰৰ বাবে এয়া এক লাভজনক ব্য়ৱসায় হৈ থকা বুলিও পাছৰিচাই উল্লেখ কৰে।