+

Condom should be free in market 

২৯ অক্টোবৰ, গুৱাহাটী : শেহতীয়াকৈ জনসংখ্যা নীতিক লৈ বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি  কুৰ্মীয়ে কয় যে কাকো দোষ দি লাভ নাই। চৰকাৰে যদি জনসংখ্যা ৰোধিবলৈ চেষ্টা কৰিছে তেনেহ’লে কনড’ম, মালা-ডি আদি ফ্ৰী কৰি দিয়ক। লগতে যিসমূহ অন্য ব্যৱস্থা আছে সেইবোৰৰ সুবিধা কৰি দিব লাগে। 

লগতে কয় যে চৰকাৰে চাইকেল, স্কুটী, সোণ আদি দিম বুলি কোৱাতকৈ জনসাধাৰণৰ কাৰণে প্ৰজনন ৰোধ কৰিব পৰা সকলো সুবিধা কৰি দিব লাগে। শেহতীয়াকৈ কেবিনেট বৈঠকত উত্থাপন কৰা অনুসৰি  দুটাতকৈ আধিক সন্তান থাকিলে আগন্তুক ২০২০ চনৰ পৰা চৰকাৰী চাকৰিৰ লগতে কোনো চৰকাৰী সুবিধা লাভ কৰিব নোৱাৰিব । 

এই মন্তব্যৰ পাছতে এ ইউ ডি আই এফৰ মুৰব্বী বদৰুদ্দিন আজমলে জনসংখ্যা নীতিক অৱজ্ঞা কৰি মুছলমানে  লোকে  ৫/৬ টা সন্তান জন্ম দিবই বুলি মন্তব্য আগবঢ়ায়।  

facebook twitter