CM Sonowal speaks abou Delhi election 

09:56 AM Feb 11, 2020 | G Plus News

১১ ফেব্ৰুৱাৰী, গুৱাহাটী : দিল্লীৰ বিধানসভা নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ। নিৰ্বাচন সন্দৰ্ভত মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে-“দিল্লীৰ নিৰ্বাচনত আমি পূৰ্বতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছো। আমি দিনক দিনে ভেটি শক্তিশালী কৰী দিশত অগ্ৰসৰ হৈছো। দিল্লীবাসীয়ে ভাৰতীয়  জনতা পাৰ্টিক আন্তৰিকতাৰে আদৰি লৈছে।”

আজি পুৱাৰে পৰা ৰাজধানী চহৰত ভোট গণনা অব্যাহত আছে। ৬১ খন আসনত জয়ৰ দিশে অগ্ৰসৰ হৈছে কেজৰিৱাল চৰকাৰ। ইয়াৰ বিপৰীতে একক সংখ্যালৈ হ্ৰাস পাইছে বিজেপিৰ আসনৰ সংখ্যা।

প্ৰধান মন্ত্ৰী  মোডীক প্ৰশংসা কৰি সোণোৱালে কয় যে দেশখনৰ উন্নতি তথা অগ্ৰগতিৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে তাৰ ফলতেই এই পৰিৱৰ্তে পাবলৈ সক্ষম হৈছে।