+

Bhadreswar Buhagohain passes away 

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী : সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য,  বিশিষ্ট অধিবক্তা, অধ্যাপক জাতীয়তাবাদী নেতা ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইৰ বিয়োগ। 

কালি নিশা দিছপুৰ পলিক্লিনিকত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াগোহাঁইয়ে। তেওঁ আলফা গঠন কৰা প্ৰথম সাতজন সদস্যৰ এজন। 

সোণাৰিৰ বিধায়কৰূপে ১৯৮৫চনত অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। ১৯৯০ চনত অসম গণ পৰিষদৰ হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত বুঢ়াগোহাঁই।  

আলফা গঠনৰ পিছতে তেওঁ সাংগঠনিক কাম কাজৰ পৰা নিষ্ক্ৰিয় হৈ পৰে আৰু ৰাজনীতিত প্ৰৱেশ কৰে। নেতাগৰাকীৰ বিয়োগত আলেচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ লগতে বহু শুভাকাংশীয়ে গভীৰ শোক প্ৰকাশ কৰে।  
 

facebook twitter