১৪ আগষ্ট, গুৱাহাটী - যিমানেই ডিজিটেল ভাৰত নিৰ্মাণ নহওঁক কিয়, এতিয়াও বেংকলৈ গৈ বিভিন্ন কাম-কাজৰ বাবে প্ৰতীক্ষা কৰিবলগীয়া হয় সাধাৰণ গ্ৰাহকসকলে। এনে পৰিস্থিতিত গ্ৰাহকসকলক বেংকিং সেৱা ক্ষীপ্ৰতাৰে প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িছে। নিউজ ট্ৰেক লাইভ পোর্টেলৰ এক সূত্ৰ অনুসৰি অতি শীঘ্ৰে পুৱা ৯ বজাত খোল খাব পাৰে বেংকৰ দ্বাৰ। সকলো চৰকাৰী তথা আঞ্চলিক বেংকসেৱা পুৱা ৯ বজাৰ পৰা আৰম্ভ কৰাৰ যো-জা চলোৱা হৈছে। কাৰণ গ্ৰাহকসকলক আৰু অধিক ক্ষীপ্ৰ আৰু সৰল সেৱা প্ৰদান কৰিবলৈ বিচাৰে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
উল্লেখ্য যে বর্তমান বেংকৰ কাম-কাজ আৰম্ভ হয় পুৱা ১০ বজাৰ পৰা। সেই সময়টোকেই এঘণ্টা আগুৱাই অনাৰ চিন্তা-চৰ্চা কৰা হৈছে। বিগত জুন মাহতে দেশৰ আটাইবোৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে। সেই আলোচনাৰ পিছতেই জুন মাহত এই কাৰ্যসময় আগুৱাই দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।
উক্ত আলোচনাত এটা কথাই প্ৰধানতঃ উত্থাপন হৈছিল আৰু সেয়া হৈছে গ্ৰাহক সেৱা। আনকি ভাৰতীয় বেংক এছ’চিয়েশ্যনেও এই প্ৰস্তাৱ মানি লৈছে। প্রাথমিকভাৱে এছ’চিয়েশ্যনৰ তৰফৰ পৰা তিনিটা সময় পৰিধিৰ কথা উল্লেখ কৰা হৈছিল। সেই অনুসৰি পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ, পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ সময়সূচী আগবঢ়োৱা হৈছিল। সম্ভৱতঃ ইয়াৰ মাজৰ পৰাই প্ৰথমটো সময় গ্ৰহণ কৰিছে কেন্দ্ৰই।